হাস্পতালৰ অপাৰেশ্যন থিয়েটাৰত হিজাব পিন্ধাৰ দাবী মুছলমান ছাত্ৰীৰ! অধ্যক্ষই ক’লে…

কৰ্ণাটকৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্ক উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে বাকী থাকিলেও দেশৰ বিভিন্ন ৰাজ্যত এই বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছে। কেৰালাতো একেধৰণৰ এটা গোচৰ চৰ্চালৈ আহিছে। ৰাজ্যখনৰ তিৰুৱনন্তপুৰম চিকিৎসা মহাবিদ্যালয়ৰ ৭ গৰাকী মুছলমান ছাত্ৰীয়ে অপাৰেচন থিয়েটাৰত দীঘল হাতৰ স্ক্ৰাব জেকেট আৰু চাৰ্জিকেল হুড পিন্ধিবলৈ অধ্যক্ষক দাবী জনাইছে।

সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি এই দাবীৰ বাবে ছাত্ৰীয়ে হিজাব পৰিধান কৰাটো প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। হিজাবৰ বিকল্প হিচাপে লং স্লীভ স্ক্ৰাব জেকেট আৰু চাৰ্জিকেল হুড পৰিধান কৰাৰ অনুমতি বিচাৰিছে ছাত্ৰীসকলে। এই দাবীৰ বাবে ৭ গৰাকী ছাত্ৰীয়ে মহাবিদ্যালয় প্ৰশাসনলৈ এখন চিঠি লিখিছে। চিঠিখনত তেওঁলোকে অপাৰেচন থিয়েটাৰৰ ভিতৰত হিজাব পিন্ধিব নিদিয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰা ৭ গৰাকী মুছলমান ছাত্ৰীয়ে চিঠিখনত লিখিছে যে তেওঁলোকে সদায় নিজৰ ধৰ্মীয় বিশ্বাসৰ ভিত্তিত মূৰ ঢাকিব লাগে। ইছলামত মুছলমান মহিলাৰ বাবে হিজাব পৰিধান কৰাটো বাধ্যতামূলক।

চিঠিখনৰ মতে অপাৰেচন থিয়েটাৰত হিজাব পৰিধান কৰাটো সম্ভৱ নহয়। হিজাব পিন্ধা মহিলাসকলৰ বাবে চিকিৎসালয় আৰু অপাৰেচন থিয়েটাৰৰ নিয়ম মানি চলা আৰু ধৰ্মীয় সাজ-পোছাক পিন্ধি বিনয় বজাই ৰখাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো কঠিন।

পত্ৰখন লাভ কৰাটো নিশ্চিত কৰি তিৰুৱনন্তপুৰম মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ লিনেট জে মৰিছে কয় যে তেওঁ দীঘল হাতৰ স্ক্ৰাব জেকেট আৰু হুড ব্যৱহাৰ কৰাটো সম্ভৱ নহয়, কাৰণ অপাৰেচনৰ সময়ত হাত সম্পূৰ্ণকৈ ধুব লাগে। তেওঁ কয় যে আমি এচেপ্টিক পৰিৱেশৰ বাবে বিশ্বব্যাপী মানদণ্ড মানি চলোঁ। মই তেওঁলোকক কৈছো যে তেওঁলোকৰ দাবীত মই একো কৰিব নোৱাৰিম।

তেওঁ কয় যে এই সন্দৰ্ভত অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু সংক্ৰমণ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ এখন বৈঠক আহ্বান কৰা হৈছে। ৰোগীৰ সুৰক্ষা আমাৰ প্ৰথম অগ্ৰাধিকাৰ। আমি এখন কমিটী গঠন কৰিম, য’ত দুয়োপক্ষ থাকিব। আমাৰ গুৰুত্ব হ’ব ৰোগীৰ সুৰক্ষাৰ ওপৰত, যাৰ সৈতে কোনো আপোচ হ’ব নোৱাৰে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *