হায়দৰাবাদত হত্যাৰ বলি অসমৰ যুৱক, বিহাৰৰ সতীৰ্থৰ বিৰুদ্ধে অভিযোগ

বহিঃৰাজ্যত পুনৰ নৃশংস হত্যাৰ বলি অসমৰ যুৱক।

সতীৰ্থৰ হাততে হত্যাৰ বলি হ’ল অসমৰ যুৱকজন।

হায়দৰাবাদত সংঘটিত হয় এই হত্যাকাণ্ড।

নিহত যুৱকজনৰ নাম টংকেশ্বৰ বৰা।

জানিব পৰা মতে, লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বদতি গাঁৱৰ বাসিন্দা টংকেশ্বৰ বৰা।

বিগত কেইবছৰমানৰ পৰা হায়দৰাবাদত ছিকিউৰিটী গাৰ্ড হিচাপে কৰ্মৰত আছিল টংকেশ্বৰ।

তেওঁৰ সৈতে একেলগে কাম কৰা বিহাৰৰ এজন সতীৰ্থই টংকেশ্বৰক হত্যা কৰাৰ অভিযোগ।

আৰক্ষীৰ তদন্ত অনুসৰি, কোৰৰ নালেৰে মৰিয়াই প্ৰথমে নৃশংসভাৱে হত্যা কৰা হয় অসমৰ যুৱকজনক।

ইয়াৰ পিছতে মৃতদেহটো বস্তাৰ ভিতৰত ভৰাই এটা পুখুৰীত পেলাই দিয়ে হত্যাকাৰীয়ে।

পুৱা পুখুৰীৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে টংকেশ্বৰৰ মৃতদেহ।

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিহাৰৰ সতীৰ্থজনক।

টংকেশ্বৰ বৰাৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে যুৱকজনৰ পৰিয়াল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *