হাতী ছাফাৰীৰ টিকট নিদিয়াৰ বাবেই ৪ ঘণ্টা ধৰি থানাত আটক কৰি ৰাখিলে বন বিষয়াক, গোলাঘাটৰ SPৰ বিৰুদ্ধে অভিযোগ

গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে উত্থাপন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যক্তিগত স্বাৰ্থত নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ।

খবৰ অনুসৰি গোলাঘাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে হাতী ছাফাৰী যাত্ৰাৰ বাবে পৰিয়ালৰ সদস্যৰ বাবে পাঁচখন টিকট দাবী কৰিছিল যদিও টিকট উপলব্ধ নোহোৱাৰ বাবে বন বিষয়াজনে টিকট যোগান ধৰাত ব্যৰ্থ হোৱাৰ বাবে বন বিষয়াগৰাকীক ক্ষমতাৰ অপপ্ৰয়োগ কৰি থানাত আটক কৰি ৰাখে ৰাজেন সিঙে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তৰুণ গগৈ নামৰ বন বিষয়াগৰাকীয়ে কয়, “কঁহৰাৰ ভাৰপ্ৰাপ্ত বিষয়াই নিশা প্ৰায় ১১ বজাত মোক ফোন কৰিছিল আৰু হাতী ছাফাৰীৰ টিকট দিয়া সম্ভৱ নহয় বুলি আৰক্ষী অধীক্ষকক জনাবলৈ কৈছিল। মই আৰক্ষী অধীক্ষকক ফোন কৰি সেই কথা অৱগত কৰিছিলো। সকলো টিকট বিক্ৰী হৈ যোৱাৰ বাবে এছ পিক পিছদিনাখনৰ বাবে বুকিং কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।”

গগৈয়ে আৰু কয় যে আৰক্ষী অধীক্ষকে ভাবুকি দি উত্তৰত প্ৰশ্ন কৰে, “যদি আমি আপোনাক কোনো গোচৰত গ্ৰেপ্তাৰ কৰি কওঁ যে কাইলৈ কিন্তু পিছদিনা আৰক্ষীয়ে আপোনাক মুকলি কৰি নিদিয়ে, সেয়া মানি ল’বনে? ইয়াৰ পিছতে তেওঁ ফোনটো কাটি দিয়ে।”

ইয়াৰ পিছতে বন বিষয়াজনে কঁহৰাৰ ভাৰপ্ৰাপ্ত বিষয়া অনিল দাসক ফোন কৰি আৰক্ষী অধীক্ষকৰ সৈতে হোৱা ফৌণিক কথা-বতৰাৰ বিষয়ে অৱগত কৰে।

অভিযোগ অনুসৰি আৰক্ষী অধীক্ষকগৰাকীয়ে বন বিষয়াজনক ফোন কৰি গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে। লগতে তেওঁ আশ্ৰব্য ভাষা ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে আৰু পিছত মাজনিশা আৰক্ষীয়ে তেওঁক তুলি লৈছিল।

ইয়াত উল্লেখ কৰিব পাৰি যে ৰাতিপুৱাৰ ভাগত পৰিস্থিতি উত্তেজিত হৈ পৰাত বন বিভাগৰ বিষয়াসকল থানালৈ যায় আৰু পিছত বনৰক্ষীজনক চাৰি ঘণ্টাৰ পিছত মুকলি কৰি দিয়া হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *