সোণাপুৰত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৮৭ গ্ৰাম হেৰ’ইন, ৬ জনক আটক

গুৱাহাটীৰ সমীপৰ সোণাপুৰত অভিযান চলাই অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰে ৬ জন ড্ৰাগছ বেপাৰীক।

গোপন খবৰৰ ভিত্তিত অভিযান চলাই এছটিএফৰ দলটোৱে সোণাপুৰ অঞ্চলৰ আমতোলাৰ পৰা ৬ ড্ৰাগছ বেপাৰীক আটক কৰাৰ লগতে ৮৭.৪ গ্ৰাম ওজনৰ হেৰ’ইনও জব্দ কৰে। ৩০টা প্লাষ্টিকৰ বটল আৰু তিনিটা ধঁপাতৰ বাকচত লুকুৱাই এই হেৰ’ইনখিনি সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে এছটিএফেয।

নিষিদ্ধ সামগ্ৰীৰ উপৰিও ৯টা খালী বটল, এটা খালী ধঁপাতৰ বাকচ, ৫টা মোবাইল ফোন, ৪৭০০ টকাৰ নগদ ধন আৰু ৪টা চিৰিঞ্জো জব্দ কৰে আৰক্ষীয়ে।

আটকাধীন লোককেইজন হৈছে বিনোদ মেধি, মাৰ্শ্বাল সুটিং, ৰাজ থাপা, বিকি লেংডো, ডনবক আৰু চাহাৰা বেগম। ধৃত আটাইকেইজনকে অধিক প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে সোণাপুৰ আৰক্ষীক গতাই দিয়া হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *