সুৰাসক্ত চালকৰ ইখনৰ পিছত সিখন বাহনত খুন্দা! মহানগৰীৰ ভয়ংকৰ দুৰ্ঘটনাত এজনৰ মৃত্যু, আহত ৪ জন

বুধবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন ৪জন গুৰুতৰভাৱে আহত হয়।

লালমাটি অঞ্চলৰ গেম ভিলেজৰ সমীপৰ পথত চাৰিচকীয়া বাহনে চাৰিজন লোকক খুন্দা মৰাৰ অভিযোগ উত্থাপন হৈছে।

যাৰ ফলত এজনৰ থিতাতে মৃত্যু হয়। নিহত লোকজনৰ নাম সুনীল কুমাৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে গাড়ীখন পলায়ন কৰা বুলি জানিব পৰা গৈছে।

গেম ভিলেজৰ পৰা পলায়ন কৰাৰ পিছত পুনৰ দুখন দুচকীয়া বাহনৰ সৈতে খুন্দা মাৰে বাহনখনে। তাৰ পৰাও পলায়নৰ চেষ্টা চলাই এইবাৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে চালকজনে। যাৰ ফলত চালকজনো আহত হয়।

খবৰ অনুসৰি অভিযুক্ত চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। গাড়ীখনৰ ভিতৰত কেইবাটাও মদৰ বটল উদ্ধাৰ হৈছে। ইফালে বশিষ্ঠ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসা সাহায্যৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *