সুধাকণ্ঠবিহীন সংগীত জগত! ২০১১ চনৰ আজিৰ দিনটোতে বিদায় মাগিছিল ড০ ভূপেন হাজৰিকাই…

আজি ১৩ বছৰ অতিক্ৰম কৰিলে সুধাকণ্ঠবিহীন অসমীয়া সংগীত জগতখনে! আজিৰ দিনটোতে ২০১১ চনত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিছিল ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই। আজি তেখেতৰ পূণ্য মৃত্যু তিথিত প্ৰসিদ্ধ কণ্ঠশিল্পীগৰাকীক সশ্ৰদ্ধাৰে সুঁৱৰিছে সমগ্ৰ অসমবাসীয়ে।

উল্লেখ্য যে, ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিল ড০ ভূপেন হাজৰিকাই। ২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ৮৫ বছৰ বয়সত তেওঁ অন্তিম নিশ্বাস ত্যাগ কৰিছিল। শেহতীয়াকৈ তেওঁৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ অসমৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জনায়। দেশজুৰি কেইবাগৰাকীও ৰাজনৈতিক ব্যক্তিয়েও এই কিংবদন্তি শিল্পীগৰাকীক স্মৰণ কৰে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে নিজৰ অফিচিয়েল ‘এক্স’ হেণ্ডেলত লিখিছে, “সুধাকণ্ঠ ভূপেন হাজৰিকাই তেওঁৰ কণ্ঠেৰে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল।। ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি।”

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সংগীতৰ মহানায়কগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই ‘এক্স’ প্লেটফৰ্মত ৪৮ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। য’ত লিখিছে, “কিংবদন্তি সংগীতৰ মহানায়ক তথা ভাৰতৰত্ন বঁটা বিজয়ী ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ নিজৰ যাদুকৰী কণ্ঠৰে পৃথিৱীখনক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। তেওঁৰ সুৰীয়া ৰচনাসমূহে সমগ্ৰ দেশৰ লাখ লাখ লোকৰ হৃদয়ত অনুৰণন তুলি আছে।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *