জাতি-ধৰ্ম-সম্প্ৰদায়ক লৈ সংঘাতৰ সৃষ্টি হ’লেও নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ দৰে কঠিন সমস্যাৰ সন্মুখীন হৈছে দেশ। এতিয়া গুজৰাটৰ স্বামীনাৰায়ণ পন্থাৰ এজন ধৰ্মগুৰুৱে সনাতন ধৰ্মৰ বিৰুদ্ধে মুখ মেলিলে। তেওঁৰ মতে সনাতন নহয়, নতুন ধৰ্মৰ প্ৰয়োজন। এই মন্তব্য কৰি মূৰ্তি পূজাৰো বিৰোধিতা কৰে ধৰ্মগুৰু গৰাকীয়ে। এই ঘটনাক লৈ ‘সনাতন’ সমাজে অতিশয় ক্ষুব্ধ হৈ পৰিছে। অৱশ্যে এই বিষয়ত এতিয়াও মুখ খোলা নাই শাসকীয় বিজেপিৰ কোনো নেতাই।
২৮ আগষ্টত স্বামীনাৰায়ণ পন্থাৰ ধৰ্মগুৰু আচাৰ্য দীনেশ প্ৰসাদ স্বামীয়ে কৈছিল, “দেৱ-দেৱীৰ মূৰ্তি মন্দিৰৰ পৰা আঁতৰাই পেলাব লাগিব। আমি এটা নতুন ধৰ্ম সৃষ্টি কৰিব লাগিব।” আচাৰ্য দিনেশৰ এই মন্তব্যই গুজৰাটৰ ‘সনাতন’ গোটক ক্ষুব্ধ কৰি তুলিছে। ইয়াৰ পিছতেই দাবী উত্থাপন হৈছিল যে ১৯ শতিকাৰ ধৰ্মীয় গুৰু সহগানন্দ স্বামীৰ প্ৰতিমূৰ্তিৰ সন্মুখত থকা হনুমান প্ৰতিমূৰ্তিটো আঁতৰাই পেলাব লাগে। সনাতন গোটৰ মতে ভগৱান হনুমানে ভগৱান ৰামৰ বাহিৰে আন কাৰোবাৰ আগত আঁঠু লৈ প্ৰণাম কৰিব নোৱাৰে।
স্বামীনাৰায়ণ জনগোষ্ঠী আৰু সনাতন বংশৰ সম্পৰ্ক সদায় টান হৈ আহিছে। যদিও এইবাৰ ই চৰম সীমাত উপনীত হৈছে। তামিলনাডুত উদয়ানাধি ষ্টেলিনে সনাতন ধৰ্মক লৈ কৰা মন্তব্যৰ পিছত সৰৱ হৈ পৰা বিজেপি পিছে মৌন হৈ আছে গুজৰাটৰ ধৰ্মগুৰুৰ মন্তব্যৰ পিছত। স্বামীনাৰায়ণ সম্প্ৰদায়ৰ ভোট বেংকৰ কথা মনত ৰাখি গেৰুৱা শিবিৰে মুখ বন্ধ কৰি ৰাখিছে বুলি অৱগত সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল দুয়োপক্ষৰ মাজত হোৱা বিবাদ নিষ্পত্তিৰ বাবে এই বৈঠকৰ আহ্বান কৰে। স্বামীনাৰায়ণ সম্প্ৰদায় আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী।