সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীক সাক্ষাৎ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীৰ

অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ বিশেষ আঁচনিৰ অধীনত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰে ব’ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে। আজি সোণাপুৰস্থিত ৰিজনেল কলেজ অফ পেৰামেডিকেল হেলথ চাইন্স আৰু বেলতলাস্থিত এনইপিইডিএছত চাদেন ভিজিট কৰি হাবিব মহম্মদ চৌধুৰীয়ে শিক্ষানুষ্ঠান দুখনত অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ বিশেষ আঁচনিৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। তদুপলক্ষে ছাত্র-ছাত্ৰীক সম্ভোধন কৰি তেওঁ কয় যে অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডে সংখ্যালঘুসকলৰ দৰিদ্ৰ পৰিয়ালৰ মেধাবী শিক্ষাৰ্থীৰ বাবে এই আঁচনি গ্ৰহণ কৰিছে। যাতে কোনো সংখ্যালঘু মেধাবী শিক্ষাৰ্থী উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হ’বলগা নহয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে সংখ্যালঘুৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। দৰিদ্ৰ সংখ্যালঘু পৰিয়ালৰ মেধাবী শিক্ষাৰ্থীসকলক শিক্ষাৰ এখন উপযুক্ত মঞ্চ দি তেওঁলোকক স্বাৱলম্বী কৰাৰ লক্ষ্য অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ। এই লক্ষ্য আগত লৈ কাম কৰি আছে ব’ৰ্ডে। তেওঁ শিক্ষাৰ্থীসকলক মনোযোগৰে পঢ়িবলৈ আৰু পিতৃ-মাতৃৰ সপোন সাৰ্থক কৰিবলৈ পৰামৰ্শ আগবঢ়াই। উল্লেখ্য যে এই আঁচনিৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীৰ অধ্যয়ন খৰছৰ ৯০ শতাংশ চৰকাৰে বহন কৰে আৰু কেৱল ১০ শতাংশ পৰিয়াল তৰফৰ পৰা বহন কৰা হয়। যিসকলে এই আঁচনিৰ অধীনত অধ্যয়নৰ সুবিধা লাভ কৰিছে সেইসকল যথেষ্ট মেধাবী শিক্ষাৰ্থী বুলি উল্লেখ কৰিছে ব’ৰ্ডৰ অধ্যক্ষগৰাকীয়ে। সকলো শিক্ষাৰ্থীয়ে মেধাৰ জৰিয়তে নিৰ্বাচিত হৈ এই আঁচনিৰ সুবিধা লাভ কৰিছে বুলিও উল্লেখ কৰে। সোণাপুৰস্থিত ৰিজনেল কলেজ অফ পেৰামেডিকেল হেলথ চাইন্সত অসমৰ বিভিন্ন প্ৰান্তৰ ৬০ গৰাকী সংখ্যালঘু শিক্ষাৰ্থীয়ে এই আঁচনিৰ অধীনত অধ্যয়ন কৰি আছে। ইয়াৰে ৪৫ গৰাকী শিক্ষাৰ্থীক বিএমএলটি আৰু ১৫ গৰাকী শিক্ষাৰ্থী ডিএমএলটিৰ পাঠ্যক্ৰমত নামভৰ্তি কৰোৱাৰ সমান্তৰালকৈ বেলতলাস্থিত এনইপিইডিএছত অৰ্ধ শতাধিক শিক্ষাৰ্থীক এই আঁচনিৰ অধীনত নাম ভৰ্তি কৰোৱা হৈছে। তেওঁলোকে ভৱিষ্যতে নিজৰ ভৰিত থিয় হৈ পিতৃ-মাতৃৰ সপোন বাস্তৱায়িত কৰিব বুলি আশা ব্যক্ত কৰে হাবিব মহম্মদ চৌধুৰীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *