শোকাবহ! অমৰনাথ যাত্ৰাৰ পৰা উভতি অহাৰ সময়তে ৩০০ ফুট দ খাৱৈত পিছলি মৃত্যু তীৰ্থযাত্ৰীৰ

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে নিশা পবিত্ৰ অমৰনাথ গুহাৰ পৰা উভতি আহোঁতে কলিমাতাৰ সমীপত পিছলি পৰি ৩০০ ফুট তললৈ পৰি এজন ৫০ বছৰীয়া তীৰ্থযাত্ৰীৰ মৃত্যু হয়।

নিহত তীৰ্থযাত্ৰীগৰাকীক বিহাৰৰ ৰোহতাছ জিলাৰ টুম্বা গাঁৱৰ নিৱাসী বিজয় কুমাৰ শ্বাহ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তীৰ্থযাত্ৰীগৰাকীয়ে অমৰনাথ যাত্ৰাৰ পৰা উভতি অহাৰ সময়তে ৩০০ ফুট দ খাৱৈত পিচলি পৰে। পিছত আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ১০ দিনীয়া বুঢ়া অমৰনাথ যাত্ৰাত ইয়াৰ ভাগৱতী নগৰ ঘাটি শিবিৰৰ পৰা জম্মু-কাশ্মীৰৰ পাহাৰীয়া পুঞ্চ জিলালৈ যোৱা ১০০০ৰো অধিক তীৰ্থযাত্ৰীৰ দল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *