শিৱসেনাৰ নেতাৰ ওপৰত গুলীচালনা বিজেপি বিধায়কৰ, গ্ৰেপ্তাৰ

শনিবাৰে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ (একনাথ শিণ্ডে ফৈদৰ) নেতা মহেশ গাইকৱাদৰ ওপৰত গুলীচালনা কৰে বিজেপি বিধায়ক গনপট গাইকৱাদে।

উলহসনগৰৰ হিল লাইন থানাত সংঘটিত হয় এই ঘটনা।

খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি চলি থকা ভূমি বিবাদক লৈ এজাহাৰ দাখিল কৰিবলৈ দুয়োজন ৰাজনীতিবিদ আৰু তেওঁলোকৰ সমৰ্থক থানাত সমবেত হৈছিল।

এই ঘটনাৰ সময়ত মহেশ গাইকৱাদ আৰু শিৱসেনাৰ আৰু এজন সমৰ্থক গুৰুতৰভাৱে আহত হয়।

ইফালে সমগ্ৰ ঘটনাটো চিচিটিভিৰ ফুটেজত বন্দী হৈছে, য’ত বিজেপি বিধায়কগৰাকীয়ে শিৱসেনাৰ নেতাগৰাকীৰ ওপৰত গুলীচালনা কৰা দেখা গৈছিল।

ঘটনাৰ পিছতে গণপত গাইকৱাদক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লৈ আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *