ৰাজ্যৰ ছখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধেয়ক উত্থাপন কৰে৷ দ্য জগন্নাথ বৰুৱা ইউনিভাৰচিটী বিল, ২০২৩, দ্য নৰ্থ লখিমপুৰ ইউনিভাৰচিটী বিল, ২০২৩, দ্য শিৱসাগৰ ইউনিভাৰচিটী বিল, ২০২৩, দ্য নগাঁও ইউনিভাৰচিটী বিল, ২০২৩, দ্য বঙাইগাঁও ইউনিভাৰচিটী বিল, ২০২৩ আৰু দ্য গুৰুচৰণ ইউনিভাৰচিটী বিল, ২০২৩ উত্থাপন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে৷ ছখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে উত্থাপন কৰা বিধেয়কক লৈ হোৱা বিতৰ্কৰ আলোচনাত বিধায়ক ৰূপক শৰ্মা, কমলাক্ষ দে পুৰকায়স্থ, ভাস্কৰজ্যোতি বৰুৱা, আমিনুল ইছলামকে ধৰি কেবাগৰাকীও বিধায়কে অংশ লৈ তেওঁলোকৰ মতসমূহ প্ৰকাশ কৰে৷ ইয়াৰ পিছত শিক্ষামন্ত্ৰীগৰাকীয়ে সদনৰ মজিয়াত উল্লেখ কৰে যে ছখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে আজি পবিত্ৰ সদনৰ মজিয়াত বিধেয়ক অনা হৈছে৷ শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকৰ অভাৱ পূৰণ কৰাৰ বাবে আৰু বৰ্তমানৰ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত যি হেঁচা আছে, সেই হেঁচা হ্ৰাস কৰাৰ বাবে ছখন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ ব্যৱস্থা লোৱা হৈছে৷ বৰ্তমানৰ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় দুখনে মহাবিদ্যালয়ৰ সৰ্বাধিক বোজা বহন কৰি আছে৷ মহাবিদ্যালয়সমূহৰ কাম-কাজ চাই থাকোতে, বিশ্ববিদ্যালয় দুখন নিজৰ আন্তঃগাঁথনি অথবা নিজৰ প্ৰয়োজনীয়াসমূহ পূৰণ কৰিবলৈ আহৰি নাপায়৷ সেয়েহে চৰকাৰে আৰু ছখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত লৈছে৷ যিকেইখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত লোৱা হৈছে, সেইকেইখনৰ বিশ্ববিদ্যালয়ৰ থাকিবলগীয়া আন্তঃগাঁথনি আছে৷ ইয়াৰোপৰি ইউ জি চিৰ নীতি-নিৰ্দেশনাসমূহ অনুসৰণ কৰা হৈছে৷ মহাবিদ্যালয় কেইখনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ ক্ষেত্ৰত ইউ জি চিৰ নীতি-নিৰ্দেশনা পালন কৰা হ’ব৷ সাধাৰণতে এখন বিশ্ববিদ্যালয়ত ৬০ বিঘা মাটি কালি থাকিব লাগে৷ সেই মাটিকালি মহাবিদ্যালয় কেইখনৰ আছে আৰু প্ৰয়োজনত আৰু মাটি অধিগ্ৰহণ কৰাৰ সুবিধা আছে৷ আৰম্ভণিতে পাঁচটা বিভাগক লৈ বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব৷ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বিভাগৰ সংখ্যাও বৃদ্ধি কৰা হ’ব৷ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত কৰা ছখনকেই তেওঁলোকৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে দহ কোটি টকালৈ ধাৰ্য কৰা হৈছে৷ মহাবিদ্যালয়কেইখনৰ অধ্যক্ষসকলক বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হ’ব নাইবা অৰ্হতা অনুসৰি চৰকাৰৰ অন্যন্য বিভাগত নিয়োগ কৰা হ’ব৷ ইয়াৰ উপৰিও মহাবিদ্যালয়ৰ অধ্যাপকসকলক অৰ্হতা অনুসৰি বিশ্ববিদ্যালয়তেই নিযুক্তি দিয়া হ’ব আৰু যিসকলৰ বিশ্ববিদ্যালয়ত পঢ়োৱাৰ অৰ্হতা নাই, সেইসকলক দাঁতিকাষৰীয়া মহাবিদ্যালয়লৈ বদলি কৰা হ’ব৷ এই ছখন বিশ্ববিদ্যালয়ে অসমৰ উচ্ছ শিক্ষাৰ প্ৰতিচ্চবিখন সলনি কৰিব৷ পিছত এই ছখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ যি বিধেয়ক উত্থাপন কৰা হয় সেই বিধেয়ক সদনৰ মজিয়াত গৃহীত হয়৷