শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ২ কয়দী…

কাছাৰ জিলাৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দুজন যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দী পলায়নক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

কাৰাগাৰৰ পৰা পলায়ন কৰা দোষী দুটাক হিফজুৰ ৰহমান আৰু দীপ নুনিয়া বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি বুধবাৰে নিশা জেলৰ পৰা পলায়ন কৰে এই যুটিয়ে। হিফজুৰ কৰিমগঞ্জৰ বাসিন্দা আৰু দীপৰ ঘৰ শিলচৰত। ২০১১ চনৰ হত্যাকাণ্ডৰ গোচৰত হিফজুৰে আৰু ২০১৮ চনৰ হত্যাকাণ্ডৰ গোচৰত দীপে যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল।

সূত্ৰ অনুসৰি কাৰাগাৰৰ বেৰৰ তলত সুৰংগ খান্দি পলায়ন কৰে কয়দী দুজনে। ইফালে এই খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। কাছাৰৰ উপায়ুক্ত ৰোহন কুমাৰ ঝা, অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম)ও তদন্তৰ অংশ হিচাপে কাৰাগাৰ চৌহদ পৰিদৰ্শন কৰে।

এই ঘটনাই কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু কৰ্তৃপক্ষৰ দায়িত্বক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *