শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছৰ ভয়ংকৰ দুৰ্ঘটনা! ঠিতাতে নিহত ৮ গৰাকীকৈ শিক্ষাৰ্থী আৰু গুৰুতৰভাবে আহত ৩৩ জন শিক্ষক শিক্ষাৰ্থী…
শুকুৰবাৰে এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় হাৰিয়ানাৰ আম্বালাৰ শ্বাহজাদপুৰত। শ্বাহজাদপুৰৰ কক্কৰ মাজৰা গাঁৱৰ সমীপত ছাত্ৰ-ছাত্ৰীভৰ্তি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰেইলাৰত খুন্দা মৰাত ৮ জনৰ ঘটনাস্থলিতে মৃত্যু ঘটাৰ বিপৰীতে আন ৩৩ জন শিক্ষক আৰু শিক্ষাৰ্থী আহত হয়।
জানিব পৰা অনুসৰি, দিল্লীৰ দুখন বিদ্যালয়ৰ ৪১ গৰাকী শিক্ষক আৰু শিক্ষাৰ্থীয়ে শিক্ষামূলক ভ্ৰমণৰ বাবে উত্তৰ প্ৰদেশৰ বৰেলীৰ পৰা হিমাচল প্ৰদেশৰ বাড্ডিলৈ গৈ থকা সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।
দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে। ইফালে আহত সকলৰ ৪ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।