শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অহা ১১ জুলাইৰ পৰা তিনিদিনীয়া নাট সমাৰোহৰ আয়োজন কৰা হৈছে। বানপীড়িতৰ সাহায্যাৰ্থে অসম কলাতীর্থই আয়োজন কৰা এই সমাৰোহৰ প্ৰথমদিনা অৰ্থাৎ ১১ জুলাইৰ সন্ধিয়া ছয় বজাত লতিফুদ্দিন আহমেদ নাটখন মঞ্চস্থ হ’ব। সেইদিনা সন্ধিয়া সাত বজাত ড° পৰমানন্দ ৰাজবংশী ৰচিত আৰু মনোজ বৈশ্য পৰিচালিত ‘চক্ৰৱৎ’ মঞ্চস্থ হ’ব। কাৰ্যসূচী অনুসৰি ১২ আৰু ১৩ জুলাইৰ সন্ধিয়া ছয় বজাৰ পৰা প্ৰফুল্ল বৰ্মন ৰচিত, প্রভাত গোস্বামী পৰিচালিত ‘আমাৰ লক্ষ্মীনাথ’ মঞ্চস্থ হ’ব। তদুপৰি ১৩ জুলাইৰ সন্ধিয়া ৭.৩০ বজাত মঞ্চস্থ হ’ব “চক্রৱৎ’ নাটখন। নাটকেইখনত দ্বিবন কুমাৰ বৈশ্য, অঞ্জনজ্যোতি বেজ, মনোজ দাস, স্বাগতা বৰুৱা, ৰঞ্জন দাস, ৰূপম শৰ্মা, ৰচিত আৰু ধ্ৰুৱ কুমাৰ দাস পৰিচালিত ‘মই মৰমীয়ে কৈছো’জুৰি ডেকা, মীনাক্ষী দেৱী আদিয়ে অভিনয় কৰিব। এই নাট সমাৰোহত ৰাইজৰ উপস্থিতি-সহযোগিতা অসম কলাতীৰ্থই কামনা কৰিছে।