লোমহৰ্ষক! নিচা মুক্তি কেন্দ্ৰত প্ৰায় ৯০ মিনিট ধৰি নিৰ্মম অত্যাচাৰ চলাই হত্যা সুৰাসক্ত যুৱকক, ৮ জনৰ বিৰুদ্ধে গোচৰ ৰুজু

গুজৰাটৰ নিচামুক্ত কেন্দ্ৰত নৃশংস হত্যাকাণ্ড। কেন্দ্ৰটোৰ মেনেজাৰকে ধৰি ৮জন লোকৰ বিৰুদ্ধে ৯০ মিনিটৰ নিৰ্মম অত্যাচাৰৰ অন্তত মদ্যপান কৰা যুৱকজনক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে যুৱকজনৰ স্বাভাৱিকভাৱে মৃত্যু হোৱা বুলি দাবী কৰি অভিযুক্তই শেষ ৰীতি-নীতি সম্পন্ন কৰে। অৱশ্যে আচল সত্যটো ওলাই আহিল যেতিয়া আৰক্ষীয়ে তথ্য লাভ কৰি তদন্ত আৰম্ভ কৰে। গুজৰাটৰ পাটান অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

চুৰাটৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা পৰিচালিত মেহছানা জিলাৰ ডি-এডিকচন চেণ্টাৰত যোৱা ছমাহ ধৰি হাৰ্দিক সুথাৰ নামৰ যুৱকক ভৰ্তি কৰোৱা হৈছিল। যোৱা মাহত তেওঁৰ মৃত্যু হৈছিল। শেষৰ ৰীতি-নীতিবোৰো কৰা হৈছিল। হঠাৎ ৰক্তচাপ কমি অহাৰ বাবে হাৰ্দিকৰ পৰিয়ালৰ চেণ্টাৰৰ মেনেজাৰ সন্দীপ পেটেলে জানিবলৈ দিয়ে। দুদিনমান আগতে পাটান অঞ্চলৰ বি ডিভিজন আৰক্ষীয়ে এই বিষয়ে গম পাইছিল। তেওঁলোকৰ সন্দেহৰ বাবেই তেওঁলোকে নিছামুক্তি কেন্দ্ৰলৈ আহি চিচিটিভিৰ ফুটেজ চেক কৰাত প্ৰকৃত তথ্য পোহৰলৈ আহে।

আৰক্ষীৰ মতে, ১৭ ফেব্ৰুৱাৰীত হাৰ্দিকে শৌচাগাৰত প্ৰৱেশ কৰি হাতৰ শিৰা কাটি আত্মহত্যাৰ চেষ্টা চলাইছিল। সন্দীপকে ধৰি সাত-আঠজন লোকে কথাটো গম পাই হাত-ভৰি বান্ধিলে। তাৰ পিছত অত্যাচাৰ। চিচিটিভিৰ ফুটেজ অনুসৰি প্ৰায় দুঘণ্টা ধৰি ডাঠ প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ অব্যাহত থাকে। তাৰ পিছত পাইপৰ এটা অংশ লাইটাৰৰ জুইত গলি যায়। আৰু সেই গৰম তৰল প্লাষ্টিকটো হাৰ্দিকৰ গুপ্তাংগত ঢালি দিয়া হৈছিল। তাৰ পিছত হাৰ্দিকক সন্দীপৰ গাড়ীৰে ব্যক্তিগত নাৰ্চিং হোমলৈ লৈ যোৱা হ’ল তেওঁলোকৰ এই কাৰ্যক ঢাকি ৰাখিবলৈ। গোটেই ৰাতি গাড়ীত পৰি আছিল তেওঁৰ মৃতদেহ। পিছদিনা যুৱকজনৰ আত্মীয়ক এই মৃত্যুৰ খবৰ দিয়া হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি সন্দীপে নিচামুক্ত কেন্দ্ৰত নিজৰ ক্ষমতা প্ৰদৰ্শনৰ বাবেই এই কাণ্ড সংঘটিত কৰিছিল। যাতে আন নিচাসক্তসকলে ঠগ নলয়। আৰু অভিযুক্তই নিজৰ দাবী প্ৰমাণ কৰিবলৈ যুৱকজনৰ প্ৰাণ কাঢ়ি লৈছিল। আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *