লেহেমীয়া পিচিৰ সৈতে যুঁজ দিব লগা হৈছে নেকি? আপোনাৰ কম্পিউটাৰৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে কেইটামান সহজ টিপছ

এটা পিচি হৈছে গুৰুত্বপূৰ্ণ জটিল সঁজুলি। ই আমাৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলায়, প্ৰায়ে আমি দৈনন্দিন কাম-কাজ কেনেদৰে কৰোঁ তাৰ ওপৰত প্ৰভাৱিত কৰে। এক সমীক্ষা অনুসৰি, শ্ল-ৰানিং চিষ্টিম হৈছে ৬৫% পিচি ব্যৱহাৰকাৰীয়ে প্ৰায়ে সন্মুখীন হোৱা এক সমস্যা। তদুপৰি জৰীপত অংশগ্ৰহণ কৰা ৩২% উত্তৰদাতাই অভিযোগ কৰিছিল যে লেহেমীয়া কম্পিউটাৰে ব্যৱহাৰকাৰীৰ প্ৰদৰ্শন কৰাৰ সামৰ্থ্যত প্ৰভাৱিত কৰে। বেংক নভঙাকৈ আপোনাৰ লেহেমীয়া কম্পিউটাৰটো উন্নীত কৰিব বিচাৰিছে নেকি? বেংক ভংগ নকৰাকৈ প্ৰদৰ্শন বৃদ্ধি কৰিবলৈ এই দ্ৰুত সমাধানসমূহ পৰীক্ষা কৰক।এটা অভ্যন্তৰীণ এছএছডিৰ সৈতে পৰিৱেশন উন্নত কৰিবলৈ আপোনাৰ পিচিৰ ষ্ট’ৰেজ ড্ৰাইভ আপগ্ৰেড কৰক। দ্ৰুত বুট সময়, এপ লোডিং, গেম আৰম্ভ(লঞ্চ) কৰাৰ গতি আৰু ফাইল-ইণ্টেনছিভ প্ৰগ্ৰামসমূহত সঁহাৰি বা প্ৰতিক্ৰিয়াশীলতা প্ৰদান কৰে। এই এছএছডিসমূহে কম শক্তি খৰচ কৰাৰ লগতে বেটাৰীৰ জীৱনকালো বৃদ্ধি কৰে। ডব্লিউডি ব্লু™ এছএন৫৭০ এনভিএমই এছএছডিয়ে দ্ৰুত গতিত পঢ়া আৰু লিখাৰ গতিৰ বাবে ২টিবিলৈকে ষ্টৰেজ ক্ষমতা প্ৰদান কৰে।

ৰেম আপগ্ৰেড কৰি এটা লেহেমীয়া পিচিৰ প্ৰদৰ্শন বৃদ্ধি কৰিব পাৰি, ভিডিঅ’ এডিটিং আৰু গেমিঙৰ দৰে কামৰ বাবে আউটপুট উন্নত কৰিব পাৰি। পিচি আৰু মেম’ৰিৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি খৰচ বেলেগ বেলেগ হয়। নৈমিত্তিক অথবা আকস্মিক ব্যৱহাৰৰ বাবে অধিক ৰেমে লেগ সৃষ্টি নকৰাকৈ বা সুৰুঙা নৰখাকৈ বেকগ্ৰাউণ্ডৰ এপ আৰু টেবৰ বাবে অনুমতি দিয়ে, যাৰ ফলত ই বিভিন্ন কামৰ বাবে এক ফলপ্ৰসূ সমাধান হৈ পৰে।

উন্নত গেম, জটিল প্ৰগ্ৰামসমূহ আৰু ভিডিঅ’ এডিটিঙৰ দৰে নন-গেমিং এপ্লিকেচনসমূহৰ বাবে জিপিইউ আপগ্ৰেড কৰাটো অতি গুৰুত্বপূৰ্ণ। পেছাদাৰী গেমাৰসকলে গুণগত মানসম্পন্ন থ্ৰীডি এনিমেচনৰ বাবে আপগ্ৰেড কৰিব লাগে। এটা জিপিইউ ক্ৰয় কৰাৰ সময়ত মনিটৰৰ ৰিজল্যুচন আৰু প্ৰচেছৰ সামঞ্জস্য বা সক্ষমতা নিৰীক্ষণ কৰি সুনিশ্চিত কৰক ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *