হাৰিয়ানাৰ এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে এক চাঞ্চল্যকৰ অভিযোগ। বিদ্যালয়ৰ ১৪২ গৰাকী শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ খোদ অধ্যক্ষৰ বিৰুদ্ধে। প্ৰথম অৱস্থাত ৬০ গৰাকী ছাত্ৰীয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল যদিও পিছত সেই সংখ্যা ১৪২ লৈ বৃদ্ধি পায়। অভিযুক্তৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইতিমধ্যে চৰকাৰী বিদ্যালয়খনৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
‘যৌন নিৰ্যাতন সমিতি’ৰ তদন্ত অনুসৰি ৫৫ বছৰীয়া অধ্যক্ষগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি আহিছিল শিক্ষাৰ্থীয়ে। শেষত হাৰিয়ানা মহিলা আয়োগৰ উদ্যোগত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। ১৪ ছেপ্টেম্বৰত হাৰিয়ানা মহিলা আয়োগৰ মুৰব্বী ৰেণু ভাটিয়াই ১৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দাখিল কৰে। কিন্তু ডেৰ মাহৰ পাছত ৩০ অক্টোবৰত শিক্ষা বিভাগে অধ্যক্ষগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। আনহাতে, ৬ নৱেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
জানিব পৰা মতে, বিদ্যালয়খন ৰাজ্যৰ জিন্দ জিলাত অৱস্থিত। বিদ্যালয়খনৰ নাম ঠিকনা আৰু অভিযুক্ত অধ্যক্ষৰ বিষয়ে এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই। ইফালে সমগ্ৰ ঘটনাক লৈ ৰাজ্য প্ৰশাসন অতি অস্বস্তিত পৰিছে। দোষী সাব্যস্ত হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছে চৰকাৰে।