সৰ্বাধিক মূল্যৰ অতি বিলাসী বাহন আৰু বাহনৰ গৰাকী তথা আঢ্যৱন্ত লোকৰ সীমাসংখ্যা নাই এইখন মহানগৰীত। কিন্তু যানবাহনৰ যাৱতীয় কৰ আদায় দিয়া আৰু নথিপত্ৰসমূহ সঠিক কৰি ৰখাৰ ক্ষেত্ৰতহে তেওঁলোকৰ যেন অভাৱ-অনাটন, সমস্যাৰ অন্ত নাই।বিভিন্ন ব্যৱসায়িক বাহন, নিৰ্মাণ প্ৰতিষ্ঠান আনকি অসমৰ মাটিত বছৰ বছৰ ধৰি ব্যৱসায়-বাণিজ্য চলাই বিয়াগোম সাম্ৰাজ্য গঢ়ি তোলা বৰ্হিৰাজ্যৰ বহুজাতিক প্ৰতিষ্ঠানসমূহৰো অসম চৰকাৰক সময়মতে যানবাহনৰ কৰ আদায় দিয়াত অকণো ভূক্ষেপ আৰু দায়বদ্ধতা নাই। কামৰূপ মহানগৰ জিলাৰ তিনিগৰাকীকৈ পৰিবহণ বিষয়া ক্ৰমে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামে মহানগৰীৰ যিকোনো ঠাইত, যিকোনো সময়ত অতৰ্কিতে অভিযান চলাই কেইবাহাজাৰ বাহন জব্দ কৰি গোচৰ ৰুজু কৰাৰ উপৰি বহুতক জৰিমনা বিহি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো এচাম বেপেৰুৱা মনোবৃত্তিৰ যানবাহন ব্যৱহাৰকাৰীয়ে চৰকাৰক যানবাহন কৰ ফাঁকি দি যেন বাঘৰ আগত ছাগে অগাদেৱা কৰাৰ দৰে আচৰণতহে লিপ্ত হৈছে। সেয়ে চলিত বিত্তীয় বৰ্ষৰ অন্তিম দিনটোলৈ কৰ অনাদায়ী যানবাহনৰ সন্মুখত আৰু মাত্ৰ তিনিটাদিন বাকী থকা অৱস্থাত বাহনৰ গৰাকীক উদ্দেশ্যি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে তেওঁলোকে দিয়া ৰাজহ কেতিয়াও অথলে নাযায়, বৰঞ্চ সৰুবৰ প্ৰতিখন বাহনে আদায় দিয়া কৰ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ণ আৰু কল্যাণৰ স্বাৰ্থতে ব্যৱহাৰ হ’ব ৷ এখন উন্নয়নশীল ৰাজ্যলৈ এই ৰাজহ প্ৰতিখন বাহনৰ গৰাকীৰে বহুমূলীয়া অৱদান । ইফালে ৩১ মাৰ্চৰ সময়সীমা উকলি যোৱাৰ পিছত কৰ অনাদায়কাৰী বাহন ৰাজপথত উঠিব নোৱাৰিব বুলি কৈ যিকোনো সময়তে এনেকুৱা বাহন জব্দ কৰি সম্পূৰ্ণ অচল কৰি দিয়া হ’ব বুলি তীব্ৰ সকীয়নি দিয়ে সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে ৷ সেয়ে আগন্তুক তিনিদিনৰ ভিতৰত বিলাসী বাহনৰ গৰাকী, বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাকাৰী সংস্থা আৰু নাগালেণ্ড, মনিপুৰ, মিজোৰামকে ধৰি বৰ্হিৰাজ্যৰ বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ গৰাকীক যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধ কৰি অনাগত বিত্তীয় বৰ্ষৰ বাবে নথিপত্ৰসমূহ সঠিক কৰি ৰাখি ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনোৱা হয় ৷
যান-বাহনৰ কৰ অনাদায়ৰ শীৰ্ষত বিলাসী বাহন, বৰ্হিৰাজ্যৰ বহুজাতিক-নিৰ্মাণ প্ৰতিষ্ঠান
