মৰ্মান্তিক! হঠাৎ শ্ৰেণীকোঠাৰ পাঠদানৰ সময়তে অচেতন হৈ ঢলি পৰিল নৱম শ্ৰেণীৰ ছাত্ৰ, মৃত্যু

লক্ষ্ণৌৰ এখন বিদ্যালয়ৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰৰ পাঠদানৰ সময়তে হঠাৎ ঢলি পৰি আকস্মিক মৃত্যুক সাৱটি লোৱাৰ ঘটনাই শোকাহত কৰিছে সকলোকে। বুধবাৰে আলিগঞ্জ শাখাৰ চিটি মণ্টেছৰী স্কুলত সংঘটিত হয় এই শোকাবহ ঘটনা।

জানিব পৰা মতে, বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ আতিফ ছিদ্দিকী বুধবাৰে ৰসায়ন বিজ্ঞানৰ শ্ৰেণীৰ সময়তে হঠাৎ অচেতন হৈ ঢলি পৰে। লগে লগে ছাত্ৰজনক হাস্পতাললৈ লৈ যোৱা হয় যদিও হৃদৰোগত আক্ৰান্ত হৈ ছাত্ৰজনৰ মৃ্ত্যু ঘটা বুলি ঘোষণা কৰে চিকিৎসকে।

ছাত্ৰজনৰ এনে আকস্মিক মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ বিদ্যালয়খনত। আতিফৰ মাতৃয়ে জানিবলৈ দিয়া মতে, পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ সময়ত সম্পূৰ্ণ সুস্থ আছিল আতিফ। বিদ্যালয়তো তেওঁৰ দেহত কোনো শাৰীৰিক অসুস্থতা দেখা নাছিল বুলি মন্তব্য কৰিছে সহপাঠীয়ে। কিন্তু তাৰ পিছতে হঠাৎ শ্ৰেণীকোঠাত ছাত্ৰজন অচেতন হৈ মৃত্যুক সাৱটি লোৱাত শোক ব্যক্ত কৰিছে সকলোৱে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *