ডিজিটেল ডেস্কঃ স্বামীৰ সৈতে হোৱা বিবাদৰ বাবে ৪ সন্তানৰ ডিঙি চেপি হত্যা কৰি নিজেও আত্মঘাতী হ’ল এগৰাকী মহিলা।আৰক্ষীৰ তথ্য অনুসৰি মহিলাগৰাকীয়ে শিশুকেইটাক জোৰকৈ এটা ডাঙৰ ড্ৰামত ভৰাই ঢাকোন মাৰি দিয়ে। যাৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে শিশু কেইটাৰ। ইয়াৰ পিছত তেওঁ নিজেই চৰম পথ বাছি লয়।
ৰাজস্থানৰ এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সময়ত মহিলাগৰাকীৰ স্বামী ঘৰত উপস্থিত নাছিল। আৰক্ষীয়ে মৃতকক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। তদন্তকাৰীয়ে স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যক সোধা-পোছা কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি শনিবাৰৰ এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বৰমেৰ জিলাৰ এখন গাঁৱত। যথেষ্ট সময় ধৰি স্বামী-স্ত্ৰীৰ মাজত অস্থিৰতা চলিছিল। দম্পতীহালৰ চাৰিটা সন্তান আছে। শনিবাৰে মহিলাগৰাকীৰ স্বামী জেথৰাম ব্যৱসায়ৰ বাবে যোধপুৰত আছিল। সেইদিনা সন্ধিয়া মহিলাগৰাকীয়ে নিজৰ চাৰিটা সন্তানক জোৰকৈ শস্য সঞ্চয়ৰ বাবে ৰখা এটা ড্ৰামত ভৰাই মুখখন ঢাকি ৰাখিলে। যাৰ ফলত শ্বাসৰুদ্ধ হৈ মৃ্ত্যু ঘটে ক্ৰমে ভৱন (৮), বিক্ৰম (৫), বিমলা (৫) আৰু মনীষ (২)ৰ। ইয়াৰ পিছত মহিলাগৰাকীয়েও চিপ লৈ আত্মহত্যা কৰে।
চুবুৰীয়াই আৰক্ষীক খবৰ দিলে। ঘটনাস্থলীত উপস্থিত হৈ মাতৃ আৰু চাৰিটা সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যক অৱগত কৰা হৈছে। ডিএছপি কমলেশ কুমাৰে কয় যে স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যক জেৰা কৰা হ’ব। প্ৰথম অৱস্থাত স্বামীৰ সৈতে সংঘাতৰ বাবে মহিলাগৰাকীয়ে সন্তানক হত্যা কৰি আত্মহত্যা কৰিছিল বুলি ধাৰণা কৰা হৈছে।