মৰ্মান্তিক! চৰকাৰী বাছ আৰু ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত ৪ জনৰ মৃত্যু, আহত ৯ জন

উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰ জিলাত এখন চৰকাৰী বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ জন লোক আহত হয়। শুকুৰবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। দিল্লীলৈ গৈ থকা উত্তৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ এখন বাছত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে আদৌলি গাঁৱৰ সমীপত খুন্দা মাৰে।

চাহিবাবাদ ডিপোৰ পৰা অহা বাছখন বদৌনৰ পৰা দিল্লী অভিমুখে আহিছিল। ছেকেণ্ডৰাবাদৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় বিষয়াসকলে দ্ৰুতগতিত উপস্থিত হৈ আহত লোকসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। দুৰ্ভাগ্যজনকভাৱে চাৰিজন যাত্ৰী আঘাতৰ বাবে মৃত্যুক সাৱটি লয়, আৰু আন ৯ জন আহত হয়। এই ভয়াবহ ঘটনাৰ চিচিটিভি ফুটেজ এতিয়া ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *