উত্তৰ প্ৰদেশৰ উন্নাওত এটা ঘৰত একেলগে চাৰি ভাতৃ-ভগ্নীক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। আৰক্ষীৰ অনুমান অনুসৰি, ইজনে সিজনক বচাবলৈ চেষ্টা কৰি বিদ্যুৎস্পৃষ্ট হৈ চাৰিওটি শিশুৱে মৃত্যুক আঁকোৱালি লয়।
স্থানীয় আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি বীৰেন্দ্ৰ কুমাৰ আৰু শিৱদেৱী উন্নাও জিলাৰ লালমানখেডা গাঁৱৰ বাসিন্দা। তেওঁলোকৰ চাৰিটা সন্তান – মায়ংক (৯), হিংমাছি (৮), হিমংক (৬) আৰু মানসী (৪)। দেওবাৰে বিয়লি ঘৰটো খালী হৈ পৰিছিল। দুপৰীয়া উভতি অহাৰ পিছত তেওঁলোকে চাৰিটা সন্তানক মাটিত মৃত অৱস্থাত পৰি থকা দেখে। লগে লগে চুবুৰীয়াক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আহি মৃতদেহ কেইটা উদ্ধাৰ কৰে।
বৰাসাগৰৰ এছ এইচ অ’ দিলীপ কুমাৰে কয়, প্ৰথম অৱস্থাত টেবুলত ৰখা ফেনৰ পৰা চাৰিওটি শিশু বিদ্যুৎস্পৃষ্ট হোৱা বুলি অনুমান কৰা হৈছে। ভাই-ভনীয়ে ইজনে সিজনক বচাবলৈ চেষ্টা কৰিলে এনেকুৱা হয়। অৱশ্যে কোনো স্থানীয় বাসিন্দাই এই ঘটনা প্ৰত্যক্ষ কৰা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অস্বাভাৱিক মৃত্যুৰ এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰে।