মৰ্মান্তিক! ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰিল বাহন, ৩ যুৱকৰ মৃত্যু

কলিয়াবৰত নিশা এখন বাহন নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰাৰ ফলত অকাল মৃত্যুক সাৱটি লয় ৩ যুৱকে।

মিছাৰ ৰৌমাৰীত নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খাৱৈত বাগৰি পৰে এএছ ১২জে ৬৯০৯ নম্বৰ মহিন্দ্ৰা ভৰিটো বাহনখন।

এই দুৰ্ঘটনাত বাহনখনত থকা অৰ্জুন তাঁতী আৰু অমৃত বিশ্বাস ওৰফে চানুৰ থিতাতে মৃত্যু ঘটে।

ইফালে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু ঘটে ৰাহুল বিশ্বাস নামৰ আন এজন যুৱকৰো।

জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত কলিয়াবৰ তিনিআলিৰ পৰা মিছা অভিমুখে গৈ আছিল যুৱক কেইজন।

ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *