মোডী বিৰোধী পোষ্টাৰ লগোৱাৰ অপৰাধত ৮ জনক গ্ৰেপ্তাৰ গুজৰাট আৰক্ষীৰ…

আহমেদাবাৰ ৰাজহুৱা স্থান আৰু চৰকাৰী সম্পত্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক পোষ্টাৰ লগোৱাৰ অভিযোগত গুজৰাট আৰক্ষীয়ে ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে কয় যে “মোডী হাটাও দেশ বাচাও”ৰ দৰে বৃহস্পতিবাৰে চহৰৰ বিভিন্ন প্ৰান্তত পোষ্টাৰ লগাইছিল অভি়যুক্তকেইজনে।

তদন্তৰ সময়ত আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে গুজৰাট আম আদমী পাৰ্টিৰ সভাপতি ইছুোন গাধৱীয়ে গ্ৰেপ্তাৰ হোৱা কৰ্মীসকল দলীয় কৰ্মী বুলি উল্লেখ কৰি আৰক্ষীৰ এই কাৰ্যই বিজেপি ভয় খোৱাটো দেখুৱাইছে বুলি অভিযোগ উত্থাপন কৰে।

গাধৱীয়ে টুইট কৰি কয়, “চাওক বিজেপিৰ একনায়কত্ববাদ! গুজৰাটত আম আদমি পাৰ্টিৰ কৰ্মীসকলক মোডী হাটাও দেশ বাচাওৰ পোষ্টাৰ সন্দৰ্ভত আইপিচিৰ বিভিন্ন শাখাৰ অধীনত জেলত ভৰোৱা হৈছে! যদি এয়া মোডী আৰু বিজেপিৰ ভয় নহয়, তেন্তে আৰু কি?”

উল্লেখযোগ্য যে আপে ২২খন ৰাজ্যত “মোডী হাটাও, দেশ বাচাও” আদি শ্লোগানেৰে দেশজোৰা পোষ্টাৰ অভিযান আৰম্ভ কৰিছিল

এই কথা বৃহস্পতিবাৰে অৱগত কৰে আপৰ ৰাজ্যিক আহ্বায়ক গোপাল ৰায়ে।

সংবাদমেলত তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষা-স্বাস্থ্য ব্যৱস্থা ঠিক কৰি নিবনুৱা সমস্যা দূৰ কৰাৰ পৰিৱৰ্তে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ অন্ত পেলোৱাত নিয়োজিত হৈছে।

দেশৰ ২২খন ৰাজ্যত হিন্দী, ইংৰাজী আৰু আন সকলো আঞ্চলিক ভাষাৰ পোষ্টাৰ লগোৱা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত কিদৰে ব্যৰ্থ হ’ল, শ্ৰমিকৰ অধিকাৰ কাঢ়ি লৈ গ’ল, বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক দমন কৰিলে, সেই সম্পৰ্কে সমগ্ৰ দেশজুৰি বাৰ্তা প্ৰেৰণ কৰা এই অভিযানৰ লক্ষ্য। দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ অন্ত পেলোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যস্ত।

তেওঁ আৰু কয় যে সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহতো একেধৰণৰ পোষ্টাৰ লগোৱা হ’ব যাতে ছাত্ৰ-ছাত্ৰীসকলক এই অভিযানৰ বিষয়ে সজাগ কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *