মেডট্ৰনিকৰ হায়দৰাবাদত মেডট্ৰনিক ইঞ্জিনিয়াৰিং এণ্ড ইনোভেচন চেণ্টাৰৰ সম্প্ৰসাৰণ

ভাৰতত স্বাস্থ্যসেৱা প্ৰযুক্তি খণ্ডৰ বিকাশৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে স্বাস্থ্যসেৱা প্ৰযুক্তিৰ বিশ্বব্যাপী আগশাৰীৰ প্ৰতিষ্ঠান মেডট্ৰনিক পিএলচিয়ে হায়দৰাবাদত মেডট্ৰনিক অভিযান্ত্ৰিক আৰু উদ্ভাৱন কেন্দ্ৰ (MEIC) সম্প্ৰসাৰণৰ বাবে প্ৰায় ৩০০০ কোটি টকা (৩৫০ মিলিয়ন ডলাৰৰ অধিক) বিনিয়োগৰ কথা ঘোষণা কৰিছে। এমইআইচি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰত মেডট্ৰনিকৰ সৰ্ববৃহৎ গৱেষণা আৰু বিকাশ (আৰ এণ্ড ডি) কেন্দ্ৰ। এই বিনিয়োগ মেডট্ৰনিকৰ R&D নেতৃত্বাধীন সামগ্ৰিক গোলকীয় উদ্ভাৱন আৰু বৃদ্ধি কৌশলৰ এটা অংশ। মেডট্ৰনিকে হায়দৰাবাদক স্বাস্থ্যসেৱা প্ৰযুক্তি গৱেষণা আৰু উদ্ভাৱনৰ বাবে এক গোলকীয় কেন্দ্ৰ হিচাপে স্থান দিয়াৰ বাবে তেলেংগানা চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰি আহিছে।

মেডট্ৰনিকৰ নেতা মাইক মেৰিনাৰো, মণি প্ৰকাশ, আৰু দিব্য প্ৰকাশ যোশীয়ে আমেৰিকাৰ নিউয়ৰ্কত তথ্য প্ৰযুক্তি, উদ্যোগ, পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কে টি ৰামা ৰাওৰ সৈতে সাক্ষাৎ কৰি নিজৰ অংশীদাৰিত্ব ঘোষণা কৰিছে। এই অনুষ্ঠানত তেলেংগানা লাফ চায়ন্সৰ মুখ্য কাৰ্যবাহী বিষয়া শাক্তি এম নাগাপ্পান আৰু IAS জয়েশ ৰঞ্জনো উপস্থিত আছিল। MEIC-এ ভাৰতত নিজৰ স্থান সম্প্ৰসাৰণৰ বাবে ১৬০ মিলিয়ন ডলাৰৰ বিনিয়োগ ঘোষণা কৰিছে, লগতে ৮০০+ লোকক নিয়োগ কৰা হৈছে। অহা ৫ বছৰৰ সময়ছোৱাত ১৫০০+ লোকলৈ বৃদ্ধি হোৱাৰ হোৱাৰ সম্ভাৱনা আছে।

এই বিনিয়োগে ৰবটিক্স, ইমেজিং আৰু নেভিগেচন, অস্ত্ৰোপচাৰ প্ৰযুক্তি আৰু ইমপ্লাণ্টেবল প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা প্ৰযুক্তিৰ ক্ষেত্ৰসমূহক সহায় কৰিব। MEICত মূলতঃ অভিযন্তাসহ বৰ্তমান ৮০০+ লোকে নিয়োজিত কৰিছে। মেডট্ৰনিকৰ কাৰ্যবাহী উপাধ্যক্ষ তথা চাৰ্জিকেলৰ অধ্যক্ষ মাইক মেৰিনাৰোৱে কয় যে, “আমি ভাৰতৰ স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰত বিনিয়োগ কৰিবলৈ আৰু ৰোগীৰ সেৱাৰ ক্ষেত্ৰত ফলাফল উন্নত কৰা উদ্ভাৱনীমূলক সমাধান প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *