মেট্ৰিকত স্থান দখল কৰা যুৱ চিকিৎসক পাৰ্থপ্ৰতীম বেজবৰুৱাৰ মৃত্যু

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান দখল কৰি পৰৱৰ্তী সময়ত এগৰাকী সু চিকিৎসক হিচাপে প্ৰতিষ্ঠিত হোৱা ডা০ পাৰ্থপ্ৰতীম বেজবৰুৱাৰ অকাল মৃত্যু।

শনিবাৰে এক পথ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা যুৱ চিকিৎসকজনে দেওবাৰে হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৈডাৰ গড়পোট নিৱাসী পাৰ্থপ্ৰতীম বেজবৰুৱাই ২০১৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰিছিল।

পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি উজনি অসমত চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ডা০ পাৰ্থপ্ৰতীম বেজবৰুৱা শনিবাৰে এক পথ দুৰ্ঘটনাত পতিত হৈছিল।

ইয়াৰ পিছতে তেওঁক ডিব্ৰুগড়ৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে চিকিৎসকগৰাকীৰ মৃত্যু ঘটে।

যুৱকজনৰ মৃত্যুৱে তেওঁৰ জন্মভূমিৰ লগতে কৰ্মস্থলীতো শোকৰ ছাঁ পেলাইছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *