মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল পৰি বেগম

মঙলবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় কলিয়াবৰৰ কুঁৱৰীটোল চাৰিআলিৰ আজাৰুদ্দিন আহমেদ আৰু মৰমী বেগমৰ ডাঙৰ জীয়ৰী কন্যা পৰি বেগমে।

বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি পৰি বেগম উত্তীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২৩৬ নম্বৰ লাভ কৰি তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে পৰি বেগম।

উল্লেখ্য যে¸ দিন হাজিৰা কৰি পিতৃয়ে অতি কষ্টৰ মাজৰে সন্তানক শিক্ষিত কৰিব পৰা যুঁজখনত সন্তানৰ এই সফলতাত এতিয়া অতন্ত্য সুখী পৰিয়ালটো। উত্তীৰ্ণ ছাত্ৰী পৰি বেগমৰ ভনীয়েকো বিশেষ ভাৱে এগৰাকী সক্ষম ছাত্ৰী।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *