মূৰত কোটিটকীয়া স্বৰ্ণ পাদুকা লৈ ১৩০০ কিলোমিটাৰ খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা কলিযুগৰ ‘ভৰত’ৰ

ৰামায়ণত বনবাসত থকা শ্ৰী ৰামচন্দ্ৰৰ পাদুকা লৈ সিংহাসনত বহিছিল ভাতৃ ভৰত। এইবাৰ কলিযুগত চৰ্চালৈ আহিছে আন এগৰাকী ভৰতৰ। অহা ২২ জানুৱাৰীত অযোধ্যাত মহা উলহ মালহেৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হব ৰাম মন্দিৰৰ। আৰু তাৰ ঠিক পূৰ্বে চৰ্চালৈ আহিছে ৰামচন্দ্ৰৰ স্বৰ্ণ পাদুকা মূৰত লৈ অযোধ্যালৈ ৰাওনা হোৱা কলিযুগৰ ভৰত শ্ৰীনিবাস শাস্ত্ৰীৰ কথা।

হায়দৰাবাদৰ চৰলাৰ নিবাসী শ্ৰীনিবাস শাস্ত্ৰীয়ে কোটি টকা মূল্যৰ স্বৰ্ণ পাদুকা মূৰত লৈ ইতিমধ্যে আৰম্ভ কৰিছে যাত্ৰা। ২৮ ডিচেম্বৰত অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাবৰী জিলাৰ বেদুৰপাকা নামৰ এখন গাঁৱৰ পৰা ২০ গৰাকী ৰামভক্তৰ সৈতে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰা শাস্ত্ৰীয়ে ১৩০০ কিলোমিটাৰৰ যাত্ৰা সম্পূৰ্ণ কৰি ১৩ জানুৱাৰীত অযোধ্যাত উপস্থিত হোৱাৰ পৰিকল্পনা কৰিছে। মূৰত ১.২ কোটি টকা মূল্যৰ স্বৰ্ণ পাদুকা কঢ়িয়াই আনি তেওঁ সেই পাদুকাযোৰ হস্তান্তৰ কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক।

উল্লেখ্য যে, শ্ৰীনিবাস শাস্ত্ৰী হায়দৰাবাদৰ অযোধ্যা ভাগ্যনগৰ সীতাৰাম সেৱা ট্ৰাষ্ট ফাউণ্ডেচনৰ সঞ্চালক পদতো অধিষ্ঠিত। তেওঁ মূৰত তুলি অনা পাদুকাযোৰ নিৰ্মান কৰা হৈছে ৮ কেজিকৈ মুঠ ১৬ কেজি ৰূপেৰে। সম্পূৰ্ণৰূপে সোণেৰে মেৰিয়াই থোৱাৰ বাবে প্ৰতিপাত পাদুকাৰ ওজন হৈছে চাৰে বাৰ কেজিকৈ। এই গধুৰ পাদুকা মূৰত তুলি প্ৰতিদিনে প্ৰায় ৩৮ কিলোমিটাৰ পথ অতিক্ৰম কৰি আছে কলিযুগৰ ভৰত শ্ৰীনিবাস শাস্ত্ৰীয়ে।

শ্ৰীনিবাসে কয় যে যোগী আদিত্যনাথৰ সৈতে ইতিমধ্যে তেওঁ কথাও পাতিছে। মুখ্যমন্ত্রীয়ে আশ্বাস দিছে যে এই পাদুকাযোৰ ৰাম মন্দিৰত স্থাপনৰ অনুমতি দিয়া হ’ব৷ কিন্তু কেৱল পাদুকাই নহয়, তাৰ পূৰ্বে ৰাম মন্দিৰৰ বাবে আঢ়ৈ কেজি ওজনৰ পাঁচটা ৰূপৰ ইটাও দান দিছিল শ্ৰীনিবাস শাস্ত্ৰীয়ে। যিটো ৰাম মন্দিৰৰ ভেটি স্থাপন অনুষ্ঠানত ব্যৱহাৰ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *