মুম্বাইত তৃতীয় ECSWG বৈঠকৰ আয়োজন

২০২৩ চনৰ ২১ মে’ৰ পৰা মুম্বাইত নীলা অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তৃতীয় পৰিৱেশ আৰু জলবায়ু বহনক্ষম কৰ্মগোটৰ বৈঠক(ECSWG) অনুষ্ঠিত হয়। জুহুত এক বৃহৎ সমুদ্ৰ তীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচীৰে ইয়াৰ আৰম্ভণি হৈছিল, ইয়াৰ পিছতে অ’চিন 20 ডায়লগ অনুষ্ঠিত হয়।

সাগৰৰ পাৰ পৰিষ্কাৰ কৰণ অভিযানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ, কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ লগতে বিভিন্ন দেশৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। তৃতীয় ECSWG বৈঠকত ব্লু ইকনমীৰ বিভিন্ন দিশ, যেনে বিজ্ঞান-প্ৰযুক্তি আৰু উদ্ভাৱন, নীতি, শাসন আৰু অংশীদাৰীত্ব, আৰু নীলা বিত্ত প্ৰণালী স্থাপনৰ বিষয়ে আলোচনা কৰা হয়।

মহাসাগৰীয় অৰ্থনীতিৰ বাবে এক নীতি, চৰকাৰী সহযোগিতা আৰু বিত্ত ব্যৱস্থা স্থাপন সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰিবলৈ মুম্বাইত অ’চিন ২০ ডায়লগ অনুষ্ঠিত হয়। ভূ বিজ্ঞান মন্ত্ৰণালয়ৰ সচিব এম ৰবিচন্দ্ৰনে কয় যে এই আলোচনাই বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰিব আৰু ক্ৰমবৰ্ধমান বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু ইয়াৰ সৈতে সম্পৰ্কিত প্ৰত্যাহ্বাননসমূহৰ সৈতে জড়িত দিশবোৰ আলোচনা কৰা হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *