মিনাকুমাৰী ৰায়মেধি-ডঃ হৃষিকেশ বৰুৱাক ভট্টদেৱ কথা সাহিত্যসেৱী বৰণ প্ৰদান

গদ্য সাহিত্যৰ জনক মহাপুৰুষ ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী শুক্লা অষ্টমী উপলক্ষে এইবেলি মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ উদ্যোগত সংঘৰ বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিয়ে নিজ এলেকাৰ অন্তৰ্গত বিশিষ্ট কথা- সাহিত্যসেৱী সকলক ‘মহাপুৰুষ ভট্টদেৱ কথা সাহিত্যসেৱী বৰণ-২০২৩’ প্ৰদান কৰে। কাৰ্যসূচীৰ অংশ স্বৰূপে অলপতে সংঘৰ কামৰূপ (মহানগৰ) সমিতিৰ উদ্যোগত বিশিষ্ট গল্পকাৰ, সদৌ অসম লেখিকা সমাৰোহৰ উপ-সভানেত্ৰী গুৱাহাটীৰ হাটীগাওঁৰ মিনাকুমাৰী ৰায়মেধি আৰু উলুবাৰী কে.চি. দাস বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হৃষিকেশ বৰুৱাক ভট্টদেৱ কথা সাহিত্যসেৱী বৰণ প্ৰদান কৰা হয়। জিলা সংঘাধিকাৰ প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়া আৰু সংঘাধিকৰ্তা বাবুল ৰাজবংশীৰ নেতৃত্বত এটি দলে দুয়োগৰাকী স্বনামধন্য ব্যক্তিৰ বাসভৱনত উপস্থিত হৈ এই বৰণ প্ৰদান কৰে। কাৰ্যসূচীটোত উপস্থিত থাকে ক্ৰমে পিংকী দাস, বীনাপানী দাস হাজৰিকা, মালতী ভট্টচাৰ্য, অৰবিন্দ কলিতা, আধুনীকা পেগু, বন্দনা ৰায়মেধি, ভূপেন্দ্ৰ ভট্টচাৰ্য আৰু ঘনকাম্ত দাস। বৰণ গ্ৰহন কৰি দুয়োগৰাকী সাহিত্যিকে উৎফুল্লিত পৰে আৰু সমাজৰ মাজৰ পৰা চৰ্চা হেৰাই যাব ধৰা মহাপুৰুষ ভট্টদেৱ সম্পৰ্কে পুণৰ বিচাৰ-বিশ্লেষণৰ দুৱাৰ এই বৰণে মুকলি কৰিব বুলি মন্তব্য আগবঢ়ায়। গদ্য সাহিত্যৰ জনক ভট্টদেৱ আৰু তেখেতৰ গুৰু সত্ৰৰ প্ৰতিষ্ঠাপক মহাপুৰুষ দেৱদামোদৰ দেৱ সম্পৰ্কে চৰকাৰে গুৰুত্ব প্ৰদানকৰা উচিত বুলি ব্যক্ত কৰে। দুয়োগৰাকী মহাপুৰুষৰ ক্ষেত্ৰত চৰকাৰী আদৰ আৰু পৃষ্ঠপোষকতাৰ প্ৰয়োজন বুলি দুয়োগৰাকী সাহিত্যিকে মত প্ৰকাশ কৰে। যোৱা ১৮ নৱেম্বৰৰ পৰা সমগ্ৰ অসমতে আৰম্ভ হোৱা এই বৰণ প্ৰদান কাৰ্যসূচীত বৰ্তমানলৈ কামৰূপত এগৰাকী, যোৰহাটত দুগৰাকী, লক্ষীপুৰৰত তিনি গৰাকী, শোণিতপুৰত পাঁচ গৰাকী, দৰঙত তিনি গৰাকী, মৰিগাওঁত ছয় গৰাকী, বৰপেটাত তিনি গৰাকী আৰু বজালীত পাঁচগৰাকী কথা সাহিত্যৰে জড়িত ব্যক্তিক এই বৰণ প্ৰদান কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *