কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ মাতৃ ছোনিয়া গান্ধীক প্ৰদান কৰে ‘নুৰী’ নামৰ জেক ৰাছেল টেৰিয়াৰৰ কুকুৰ পোৱালি। ৰাহুল গান্ধীয়ে এই বিষয়ে জনাই কুকুৰ পোৱালিটো পৰিয়ালৰ “নতুন সদস্য” হিচাপে চিনাকি কৰাই দিছিল। কিন্তু ৰাহুল গান্ধীয়ে পোহনীয়া জন্তুবোৰ মাতৃ ছোনিয়া গান্ধীক উপহাৰ দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া আৰু নিউজ পৰ্টেলত ভাইৰেল হোৱাৰ কিছু ঘণ্টাৰ পাছত পিপল ফৰ এনিমেলছৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গোৱাৰ এজন অবৈধ প্ৰজননকাৰীৰ পৰা পোৱালিবোৰ ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰে। এন জি অ’টোৱে নিজৰ পোষ্টটোত কয় যে, “২০১৮ চনৰ পৰা কুকুৰ ক্ৰয়-বিক্ৰয় কৰাটো অবৈধ। শেহতীয়াকৈ ৰাহুল গান্ধীয়ে গোৱাৰ এজন অবৈধ প্ৰজননকাৰীৰ ওচৰলৈ গৈ দুটা বিদেশী জাতৰ কুকুৰ ক্ৰয় কৰিছিল।”
ইনষ্টাগ্ৰামত পেজটোৱে নিজৰ পোষ্টত কয় যে তেওঁ জানি-বুজি আইন ভংগ কৰি নিজকে তেনে কৰাৰ চিত্ৰগ্ৰহণ কৰি ইয়াৰ প্ৰতি ইমান কম সন্মান প্ৰদৰ্শন কৰাটো দুৰ্ভাগ্যজনক।
বিশ্ব পশু দিৱসত নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৰাহুল গান্ধীয়ে ব্যক্তিগতভাৱে গোৱা ভ্ৰমণ কৰি পোৱালিটোক লগ পোৱা দেখা গৈছে যিটো পিছলৈ দিল্লীলৈ লৈ যোৱা হয়।
ৰাহুল গান্ধীয়ে কয় যে আমি সকলো জীৱৰ লগত আমাৰ প্ৰেমক সুৰক্ষা আৰু ভাগ-বতৰা কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব। কংগ্ৰেছ নেতাজনে ইয়াক “মাৰ বাবে অলপ আচৰিত” বুলি অভিহিত কৰে, কুকুৰটোক উপহাৰৰ টোপোলা এটাত ভৰাই মাকক ঘৰৰ পৰা ওলাই আহি এবাৰ চাবলৈ কয়, যিটো ভিডিঅ’টোত দেখা গৈছে।
ছোনিয়া গান্ধীয়ে কুকুৰটোক কোলাত লৈ কয় যে “তাই ইমান মৰমলগা”। ছোনিয়া গান্ধীয়ে ৰাহুলক ধন্যবাদ জনাই ভিডিঅ’টোত কুকুৰ পোৱালিটোৰ সৈতে খেলা দেখা গৈছে। আগষ্টৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে গোৱা ভ্ৰমণ কৰিছিল।