দেওবাৰে গুৱাহাটীৰ ৰূপনগৰ অঞ্চলৰ এটা ভাড়াঘৰত ৰহস্যজনক পৰিস্থিতিত মণিপুৰৰ এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাথমিক খবৰ অনুসৰি, কিশোৰীগৰাকীক চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰি ঘটনাৰ সময়ত তেওঁৰ ভাড়াঘৰত অস্থায়ীভাৱে থকা প্ৰেমিকজনে তেওঁক নমাই আনিছিল।
ভঙাগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, ‘চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছোৱালীজনী। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আমি হত্যাৰ কোণটো নুই কৰিব নোৱাৰো যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিব লাগিব। এই ঘটনাৰ আঁৰৰ প্ৰেমিকক আমি সন্দেহ কৰি আছো।।
জানিবপৰা মতে, কিশোৰীগৰাকীৰ প্ৰেমিক লখিমপুৰৰ নিবাসী এজন অসমীয়া যুৱক।
ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু কিশোৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰি আছে।