মহানগৰীত প্ৰায় ৮০ লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ…

শনিবাৰে আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ হাতীগাঁৱৰ লক্ষ্মীনগৰৰ এটা বাসগৃহৰ পৰা বিপুল পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু নগদ ধন জব্দ কৰে।

সূত্ৰ অনুসৰি আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ঘৰটোত অভিযান চলাই ৮০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে, যাৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৮০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

ড্ৰাগছৰ উপৰিও এখন বিলাসী বাহনৰ লগতে নগদ ৭.৪৯ লাখ টকা জব্দ কৰে আৰক্ষীয়ে।

আনহাতে, আৰক্ষীয়ে ধৰা পৰাৰ আগতেই পলায়ন কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীজন।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *