মহানগৰীত পুনৰ বিস্ফোৰণ পানীৰ পাইপলাইন

শনিবাৰে গুৱাহাটীৰ শিলপুখুৰীত আন এক পানীৰ পাইপলাইন বিস্ফোৰিত হয়।

পাইপলাইনৰ পৰা পানী বাহিৰলৈ ওলাই অহাৰ বাবে পানী ছিটিকি পৰাৰ ফলত ডুব যোৱা পথটোৰে যাতায়ত কৰা যাত্ৰীসকলৰ বাবে ব্যাপক অসুবিধাৰ সৃষ্টি কৰে।

খবৰ অনুসৰি কোনো ধৰণৰ সম্ভাৱ্য ক্ষতি ৰোধ কৰিবলৈ পানী যোগান বন্ধ কৰিবলগীয়া হয়। এই পানী ছিটিকি পৰাৰ ফলত যান-বাহনৰ যাতায়ত কিছু সময়ৰ বাবে ব্যাহত হৈ পৰে যদিও এতিয়ালৈকে কোনো লোকৰ মৃত্যু বা আহত হোৱাৰ খবৰ পোৱা নাই।

চলিত বৰ্ষৰ মে’ আৰু জুন মাহত গুৱাহাটী মহানগৰীত এনে চাৰিটা পাইপ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *