প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত বিভিন্ন ব্যৱসায়ত সফলতা লাভ কৰা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা গুৰুসকলক সম্বৰ্ধনা জনালে দেশৰ শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মাননীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ‘পিএম বিশ্বকৰ্মা’ আঁচনিৰ অধীনত ‘বিশ্বকৰ্মা গুৰুসকলৰ সন্মান সমাৰোহ’ৰ সময়ত ২৬ গৰাকী বিশেষজ্ঞ শিল্পী আৰু কাৰিকৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা জনোৱা বিশ্বকৰ্মা গুৰুসকলে আঁচনিখনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে আৰু অধিক কাম কৰাৰ লগতে নিৰ্দিষ্ট ব্যৱসায়ত মাষ্টাৰ ট্ৰেইনাৰ আৰু প্ৰশিক্ষক হোৱাৰ সুযোগ প্ৰদান কৰিব।
এই অনুষ্ঠানত এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰী,ডিজিটিৰ ডিজি ত্ৰিশালজিৎ ছেঠি, এমএছএমইৰ অতিৰিক্ত উন্নয়ন আয়ুক্ত সোণাল মিশ্ৰ,, চিইঅ’আৰু মুখ্য কাৰ্যসূচী বিষয়া বেদমণি তিৱাৰী, কৰ্ণেল মহেন্দ্ৰ সিং পায়েলকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ১৮টা ব্যৱসায় আৰু ২৮টা উপ-ব্যৱসায়(ছাব-ট্ৰেড)ক সামৰি লোৱা ‘পি এম বিশ্বকৰ্মা’ আঁচনিখন শুভাৰম্ভ কৰি শিল্পী আৰু কাৰিকৰসকলক এণ্ড-টু-এণ্ড সহায় আগবঢ়ায়। এই আঁচনিৰ অধীনত আধুনিক সঁজুলি আৰু কৌশলেৰে সজ্জিত কৰাৰ লগতে ঋণৰ সহায়ো লাভ কৰে।
প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা গুৰুসকলক সম্বৰ্ধনা জনাই শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, “ওড়িশাৰ প্ৰতিজন শিল্পী আৰু ভাস্কৰ্য্শিল্পী এজন বিশ্বকৰ্মা। এই বিশ্বকৰ্মাসকলৰ সৃষ্টি অনন্য। আমি সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এনে শিল্পীসকলক অধিক সংযোগ স্থাপন কৰিবলৈ বিচাৰিছোঁ।”