মনালিছা পাঠক সম্পাদিত গল্প সংকলন গল্পাবৃত্ত উন্মোচন

সময় সাময়িক ঘটনাক ভিন্ন পৰিভাষাৰে পাঠকক মনোৰঞ্জন দি অহা মননশীল লেখক মনালিছা পাঠকক সম্পাদিত ভিন্নসুৰি গল্পৰ সংকলন “গল্পাবৃত্ত”অলপতে পানবজাৰস্থিত পূৰ্বায়ন প্ৰকাশনৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। উল্লেখযোগ্য যে আগশাৰীৰ প্ৰকাশন পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত প্রকাশ কৰি উলিওৱা গল্পাবৃত্তত আছে ১৫গৰাকী নবীন -প্ৰবীণ লেখকৰ ভিন্নসুৰী গল্প। ইপিনে বন্তি প্ৰজ্বলনেৰ আৰম্ভ হোৱা গ্ৰন্থউন্মোচনী সভাত উপস্থিত থাকি গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ক্ৰমে বিশিষ্ট লেখক বিশিষ্ট লেখক মৃণাল কলিতা, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক অশ্বিনী কুমাৰ পাঠক আৰু বিশিষ্ট লেখক টুন জ্যোতি গগৈয়ে। ইপিনে নিজৰ উন্মোচনী ভাষণত বিশিষ্ট লেখক মৃণাল কলিতাই কয় যে এনেধৰণৰ সৃষ্টিশীল কৰ্মৰ জৰিয়তে মানুহে মানসিক তৃপ্তি লাভ কৰে। প্ৰতিগৰাকী লেখকৰ দুটাকৈ মুঠ ৩০টা গল্পৰে পৰিপূৰ্ণ গ্ৰন্থখনৰ উন্মোচনী সভাৰ আঁতধৰে লেখক চন্দমিতা শৰ্মাই। ইপিনে গল্পকাৰ ববিতা কলিতাই আঁতধৰা উন্মোচনী সভা খনত উপস্থিত থাকি পূৰ্বায়ন প্ৰকাশনৰ স্বত্বাধিকাৰ ডঃ অমৃত কুমাৰ উপাধ্যায়েও গ্ৰন্থখন সম্পৰ্কত মননশীল মন্তব্য আগবঢ়াই। প্ৰায় পঞ্চাছ গৰাকীৰো অধিক গ্ৰন্থনুৰাগী আৰু সাহিত্য প্ৰেমী উপস্থিত থকা সভাখন
মনালিছা পাঠকৰ শৰাইৰে সামৰণী পৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *