মণিপুৰে জি-২০ অনুষ্ঠান আয়োজন কৰি গৌৰৱান্বিত

২১ ৰ পৰা ৩০ নৱেম্বৰলৈ মণিপুৰত চাংগাই উৎসৱৰ ১১ তম সংস্কৰণ আৰম্ভ হোৱাৰ লগে লগে ইম্ফলৰ হাফতাকাঞ্জেইবুং খেলপথাৰত উৎসৱৰ সম্পূৰ্ণ সময়ছোৱাত জি-২০ ইণ্ডিয়া পেভিলিয়নৰো আয়োজন কৰা হ’ব।

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কেৱল মণিপুৰত জি-২০ সভাআয়োজন কৰাই নহয়, চাংগাই মহোৎসৱতো জি-২০ পেভিলিয়ন আয়োজন কৰাৰ ধাৰণাক আদৰণি জনাই কয় যে জি-২০ পেভিলিয়নে সকলো দৰ্শনাৰ্থীক ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ গুৰুত্বৰ বিষয়ে জানিবলৈ সুযোগ প্ৰদান কৰিব আৰু মণিপুৰে জি-২০ আয়োজন কৰি গৌৰৱান্বিত।

জানিব পৰা সূত্ৰঅনুসৰি, ২৬ নৱেম্বৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড০ ৰাজকুমাৰৰঞ্জন সিঙৰ সৈতে জি-২০ পেভিলিয়ন ভ্ৰমণ কৰাৰ লগতে মইৰাংখুনুত সংগাই উৎসৱ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ১৫ নৱেম্বৰত চাংগাই মহোৎসৱৰ শুভাৰম্ভণিৰ বাবে এক পৰ্দা দাঙি ধৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে ঘোষণা কৰিছিল যে “মণিপুৰত পৰ্যটন বৃদ্ধি এইবাৰ উৎসৱৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰবিন্দু হ’ব”।

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *