মণিপুৰত অব্যাহত হিংসাত্মক পৰিৱেশ! কংগ্ৰেছ বিধায়কৰ বাসগৃহত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ

দেওবাৰে পুৱতি নিশা প্ৰায় আঢ়ৈ বজাত মণিপুৰৰ কাকচিং জিলাৰ সুগনু অঞ্চলৰ দুখন গাঁৱত বিধায়কৰ ঘৰকে ধৰি কেইবাটাও বাসগৃহত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাত পুনৰ উত্তেজিত হৈ পৰে মণিপুৰৰ পৰিস্থিতি।

জানিব পৰা মতে, পুৱতি নিশা এগৰাকী কংগ্ৰেছ বিধায়কৰ বাসগৃহত অগ্নিসংযোগ কৰাত বাসগৃহৰ আংশিক ভষ্মীভূত হয়।

ইয়াৰ পূৰ্বে শনিবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত শাসকীয় বিজেপিৰ তিনি বিধায়ক ক্ৰমে ইউ দেবেন, এম ৰামেশ্বৰ, ৱাই ৰাধেশ্যামকে ধৰি মণিপুৰৰ চাৰিজন বিধায়কক ক্ষুব্ধ স্থানীয় লোকে সুগনু বজাৰ মহিলা কংগ্ৰেছ ভৱনত আটক কৰাৰ অভিযোগ উত্থাপন হৈছিল। চাৰিজনৰ ভিতৰত অকলশৰীয়া অবিজেপি বিধায়ক আছিল ৰঞ্জিত। বিধায়ক সকলৰ নেতৃত্বত মন্ত্ৰী ৱাই কেমচান্দক আপাত দৃষ্টিত যোৱাৰ অনুমতি দিয়া হৈছিল যাতে তেওঁ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক লগ কৰি সুগনুৰ পৰা অসম ৰাইফলছ শিবিৰটো স্থানান্তৰিত কৰাৰ বাবে অনুৰোধ কৰিব পাৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কুকি উগ্ৰপন্থীক ছাচপেনচন অৱ অপাৰেচন (SoO)ৰ গ্ৰাউণ্ড ৰুল উলংঘা নকৰিবলৈ সকীয়াই দিয়াৰ পিছতো শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কথিত কুকি উগ্ৰপন্থীয়ে গুলীবৰ্ষণ কৰাৰ ঘটনা সংঘটিত হয়। শ্বাহে ১ জুনত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্যখনলৈ চাৰিদিনীয়া ভ্ৰমণৰ সামৰণি মাৰে।

৩ জুনত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰিছিল আৰু ১৫ জনলৈকে লোক আহত হৈছিল, ইয়াৰে দুজনৰ অৱস্থা এতিয়াও সংকটজনক। আহতসকলক আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে। প্ৰতিশোধ হিচাপে সেই নিশাৰ পিছত ফায়েং আৰু কাংচুপ চিংখং গাঁৱত নিয়োজিত মণিপুৰ ৰাইফলছ আৰু ৰাজ্যিক আৰক্ষীৰ জোৱানসকলে চাৰি ঘণ্টাৰো অধিক সময় ধৰি গুলীচালনা কৰে আৰু অৱশেষত উগ্ৰপন্থীসকলক ওচৰৰ পাহাৰলৈ ঘূৰাই পঠিওৱা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *