মক্কাত সন্ধানহীন অসমৰ হজযাত্ৰী, নাই কোনো সম্ভেদ…

চৌদি আৰৱত সন্ধানহীন অসমৰ এগৰাকী হজযাত্ৰী।

খবৰ অনুসৰি বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বাসিন্দা জাছিম উদ্দিন হজৰ বাবে ছৌদি আৰৱৰ মক্কালৈ যোৱাৰ পিছতে নিৰুদ্দেশ হয়।

হজ যাত্ৰাৰ বাবে মক্কালৈ যোৱা জাছিম উদ্দিন ২৫ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা ছৌদি আৰবলৈ ৰাওনা হৈছিল তেওঁ।

অৱশ্যে পিছদিনা মক্কাত অৱতৰণ কৰাৰ ঠিক পিছতেই তেওঁ সন্ধানহীন হৈ পৰে। এতিয়ালৈকে তেওঁৰ সৈতে কোনো ধৰণৰ যোগাযোগ হোৱা নাই আৰু সঠিকভাৱে কি হৈছিল সেয়া স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *