ভয়ংকৰ বান পৰিস্থিতিৰ  সময়তো ৪মাহ ধৰি নাই দৰমহা 

সদৌ অসম আৱাসিক বিষয়ে প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাৰ সভাপতি আব্দুৰ ৰাজিব আৰু সম্পাদক তনু সিংহই এক প্ৰেছ বিবৃত্তি যোগে জনাই যে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সামান্য মাননিৰ বিনিময়ত কৰ্মৰত প্ৰায় ৭০০ কৰ্মীক আজি ৪ মাহ ধৰি সেই মাননী খিনিও প্ৰদান কৰা নাই মিছন কৰ্তৃপক্ষই । অতি দুখৰ বিষয় ভয়ংকৰ বান পৰিস্থিতিৰ সময়তো ৪মাহে মাহিলী মাননী নোপোৱাৰ ফলত কৰ্মী সকলৰ পানীত হাঁহ নচৰা অৱস্থা । বিভিন্ন সময় মিছন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ পিছতো কোনো ধৰণৰ সঁহাৰি নোপোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কৰ্মী সংস্থাই ।  সমগ্ৰ শিক্ষা অভিযান মিছনৰ বিশেষ প্ৰশিক্ষণ গোটৰ ৰাজ্যিক আঁচনি বিষয়া নান্দিতা মেধিৰ চৰম গাফিলতিৰ ফলত ভুক্তভোগী হৈছে ৭০০ কৰ্মীৰ পৰিয়াল । অসমৰ প্ৰায় আধা সংখ্যক জিলাত ভয়ংকৰ বানৰ তাণ্ডৱৰ ফলত সাধাৰন জীৱন যাপন এক প্ৰকাৰ বন্ধ হৈ পৰিছে এই আৱাসিক কৰ্মী সকলৰ । ২৪ ঘণ্টা কেন্দ্ৰত থাকি অতি কষ্টৰে নিজৰ দায়িত্ব পালন কৰাৰ পাছতো পাব লগীয়া সামান্য মাননী খিনিও সময় মতে নিদিয়ে সমগ্ৰ শিক্ষা অসমে । কাৰ গাফিলতিৰ ফলত এই কৰ্মী সকলে মাহৰ পিছত মাহ ধৰি মাননী খিনি পোৱাৰ পৰা বঞ্চিত হয় ইয়াৰ সঠিক তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাইছে  সদৌ অসম আৱাসিক বিষয়ে প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাই । মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগত সংস্কাৰ আনিবলৈ চেষ্টা কৰাৰ মাজতে কিছুমান আমোলা, বিষয়া কৰ্মচাৰীৰ গাফিলতি আৰু কিছুমান অদক্ষ বিষয়াৰ কাৰণে সদায় লজ্জানত হবলগা হয় অসমৰ শিক্ষা বিভাগ । মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সংস্থাই অনুৰোধ জনাইছে আগন্তুক ইছলামধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদৰ আগত মাননী খিনি মুকলি কৰি দিলে লৰা,ছোৱালীক লৈ এসাজ শান্তিৰে খাব পাৰিব এই দুৰ্ভগীয়া কৰ্মী সকলে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *