ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু একে পৰিয়ালৰ ৩ সদস্যসহ ২৫ জনৰ

শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ সমৃদ্ধি এক্সপ্ৰেছৱেত সংঘটিত হোৱা এক মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যু হোৱা ২৫ জন লোকৰ ভিতৰত পুনেৰ আম্বেগাঁও তালুকাৰ এটা পৰিয়ালৰ তিনিজন সদস্যও আছে। অগ্নিকাণ্ড সংঘটিত হোৱা বাছখনত নাগপুৰৰ পৰা উভতি আহি আছিল অধ্যাপক কৈলাস গংগাৱনে (৪৮), তেওঁৰ পত্নী কাঞ্চন গংগাৱনে (৩৮) আৰু কন্যা ছাই গংগাৱনে (২১)।

গংগাৱনে নাগপুৰলৈ গৈছিল তাত আইন অধ্যয়নৰ বাবে কলেজত ভৰ্তি হোৱা পুত্ৰক ড্ৰপ কৰিবলৈ। পেছাত এজন অধ্যাপক গংগাৱনে আম্বেগাঁৱৰ নিৰ্গুদসৰ গাঁৱৰ বাসিন্দা আছিল। এই ঘটনাত মৃত্যু হোৱা তেওঁৰ কন্যা ছাই গংগাৱনেও চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল।

তেওঁলোকৰ মৃত্যুৰ খবৰ তেওঁলোকৰ গাঁৱত পোৱাৰ লগে লগে আত্মীয়-স্বজন আৰু গাঁৱৰ মানুহবোৰ হতভম্ব হৈ পৰে। খবৰ অনুসৰি, পুৱালৈকে পৰিয়ালটোৱে দুৰ্ঘটনাটোৰ বিষয়ে অজ্ঞাত আছিল।

উল্লেখযোগ্য যে এই ঘটনাত সংকটজনক ৩ জনকে ধৰি ২৫ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৮ জন লোক আহত হৈছে। আজি পুৱা সমৃদ্ধি এক্সপ্ৰেছৱে’ত টায়াৰ ফাটি যোৱাৰ ফলত ডিভাইডাৰত খুন্দা মৰাৰ ফলত এখন পৰ্যটন বাছ জুইত জাহ যায়।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *