অসমৰ বিখ্যাত অভিনেতা প্ৰাঞ্জিত দাসৰ মৃত্যু। গুৱাহাটীৰ মেট্ৰ’ হস্পিতালত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত প্ৰায় ১০ বজাত মৃত্যু হয় অভিনেতাজনৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম জনপ্ৰিয় অভিনেতা প্ৰাণজিৎ দাসে দৰ্শকৰ পৰা যথেষ্ট মৰম অৰ্জন কৰিছিল।
কিছুদিন পূৰ্বে সূৰ্য্য থিয়েটাৰত ‘পৰশুনাথৰ প্ৰিয়’ নামৰ নাটকত অভিনয় কৰি থাকোঁতে অসুস্থ হৈ পৰিছিল দাস। অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে মঞ্চত ঢলি পৰে অভিনেতাগৰাকী।
সংকটজনক অৱস্থাত অভিনেতাজনক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশেষত শিল্পীগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু মেট্ৰ’ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল।
ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাগৰাকীৰ আজি মৃত্যু হয়। প্ৰাণজিৎ দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ শিল্পী সমাজে।