ভ্যানত পিছফালৰ পৰা তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা, ৫ জনৰ থিতাতে মৃত্যু, আহত ৩ শিশু

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যমুনা এক্সপ্ৰেছৱেত এখন তীব্ৰবেগী বাহনে এখন ভ্যানত প্ৰচণ্ড জোৰে খুন্দা মৰাত নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে ভ্যানখন। এই ভয়ংকৰ দুৰ্ঘটনাত ভ্যানখনত যাত্ৰা কৰা ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন গুৰুতৰভাৱে আহত হয়। ভ্যানখনত যাত্ৰা কৰা লোকসকল দিল্লীৰ পৰা ঝাৰখণ্ডলৈ গৈ আছিল। গ্ৰেটাৰ নয়দাৰ ৰাবুপুৰা আৰক্ষী থানাৰ সমীপত নিশা সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয়। এই তথ্যৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।

তথ্য অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ১:০০ বজাত ৰাবুপুৰা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ নয়দাৰ পৰা জেৱাৰ অভিমুখে শূন্য বিন্দুৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত থকা যমুনা এক্সপ্ৰেছৱেত এখন ইকো ভ্যানত এখন তীব্ৰবেগী বাহনে পিছফালৰ পৰা জোৰেৰে খুন্দা মাৰে। ভ্যানখনত মুঠ ৮ জন লোক যাত্ৰা কৰি আছিল, ইয়াৰে ৫ জন লোকৰ মৃত্যু হৈছে আৰু ৩ জন আহত হৈছে। জানিব পৰা মতে আহত তিনিওজনেই শিশু, যিসকলক চিকিৎসাৰ বাবে জেৱাৰৰ কৈলাশ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তিনিওটা শিশুৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, ভ্যানত থকা আটাইকেইজন লোক দিল্লীৰ পৰা ঝাৰখণ্ডলৈ গৈ আছিল। গ্ৰেটাৰ নয়দাৰ পৰা জেৱাৰ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। মৃতকৰ পঞ্চায়তনামা দাখিল কৰাৰ পিছতে আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *