পুনৰ উত্তপ্ত হৈ পৰিছে যোৰহাট জিলাৰ অসম – নাগালেণ্ড সীমান্তৰ ‘ ই ‘চেক্টৰ অন্তৰ্গত বৰহোলাৰ নগাবাট পানীখেতি। সোমবাৰে পুৱা নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ ইম্পাঙ বস্তিৰ এটা সাতজনীয়া নগা দুৰ্বৃত্ত দলে নতুন পানীখেতি বি পি অৰ সন্মুখত অসমৰ ভূমি বেদখল কৰি পুনৰ ঘৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা কাৰ্যক প্ৰতিহত কৰি বৰহোলা আৰু বেকাজান আৰক্ষীয়ে খেদি পঠায় । ইয়াৰ পিছতেই সমগ্ৰ পানীখেতি সীমান্ত অঞ্চলত উত্তেজনা বিয়পি পৰে ।
জানিব পৰা মতে সোমবাৰে পুৱা ১০ মান বজাত নাগালেণ্ডৰ ইম্পাঙ বস্তিৰ ৭ জনীয়া এটা নগা দলে পানীখেতিত টিনৰ চালিৰ এটা ঘৰ নিৰ্মাণ কৰি থকা দেখা পাই স্থানীয় ৰাইজে বৰহোলা আৰক্ষীক খবৰ দিয়ে । লগে লগে বৰহোলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলীপ চুতীয়া আৰু বেকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি দাস আৰু পানীখেতি বি পি অৰ প্লাটুন কামাণ্ডাৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলিলৈ ৰাওনা হয় ।
অসম আৰক্ষীৰ আগমনৰ খবৰ পোৱাৰ লগে লগে অবৈধ ঘৰ নিৰ্মাণ কৰা নগা দলটো ঘটনাস্থলিৰ পাহাৰৰ ভিতৰলৈ পলায়ন কৰে । জানিব পৰা মতে পলায়ন কৰাৰ সময়ত নগা দলটোৱে সীমান্ত ৰাইজ আৰু অসম আৰক্ষীক ভীতিগ্ৰস্ত কৰিব বাবে শূন্যলৈ কেইবাজাঁই গুলী ফুটাই । ফলত সীমান্তত হুৱাদুৱা লাগে । ইফালে অসম আৰক্ষীৰ বিশাল দলে নগাই নিৰ্মাণ কৰা অবৈধ টিঙৰ চালিখন ধবংস কৰি উচ্ছেদ কৰে ।