ভি আই বিজনেছে মুকলি কৰিছে #ReadyForNext 2.0

দেশৰ অৰ্থনীতিৰ এক-তৃতীয়াংশই হৈছে এমএছএমই আৰু এই এমএছএমসমূহ হৈছে দেশৰ আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰ অন্যতম মূল স্তম্ভ। ভাৰত চৰকাৰে শেহতীয়া ডিজিটেল ৰূপান্তৰক এমএছএমই খণ্ডৰ বাবে এক মূল প্ৰত্যাহ্বান হিচাপে চিনাক্ত কৰিছে। ভোডাফোন-আইডিয়াৰ উদ্যোগ শাখা ভিআই বিজনেছে সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ বাবে এমএছএমইক ডিজিটেল কৰাৰ দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ কৰিছে। বৰ্তমান ডিজিটেল ৰূপান্তৰৰ গুৰুত্ব বৃদ্ধি পোৱাৰ প্ৰতি সঁহাৰি জনাই এই কথা প্ৰকাশ কৰা হৈছে।

ভাৰতৰ এমএছএমই খণ্ডৰ সৰ্ববৃহৎ মূল্যাংকন কৰিছিল ভিআই বিজনেছে। য’ত ১৬টা উদ্যোগৰ প্ৰায় ১ লাখ উত্তৰদাতা অন্তৰ্ভুক্ত আছিল। এই অধ্যয়নৰ এটাই উদ্দেশ্য আছিল সংবাদ মাধ্যম, মনোৰঞ্জন, উৎপাদন, তথ্যপ্ৰযুক্তি, শিক্ষা, লজিষ্টিক, পেছাদাৰী সেৱা, বেংক, নিৰ্মাণ আৰু খনিকে ধৰি ১৬টা বিভিন্ন উদ্যোগ বা ক্ষেত্ৰত ডিজিটেল পৰিপক্কতা আৰু গ্ৰহণৰ স্তৰ অনুধাৱণ কৰা। ভিআই বিজনেছে ৩৬০ ডিগ্ৰী #ReadyForNext ২.০ প্ৰগ্ৰেম আৰম্ভ কৰিছে। যিয়ে ইয়াৰ ‘আনলকিং এমএছএমই গ্ৰওথ ইনচাইটচ’ ২০২৩ আপগ্ৰেড কৰা ডিজিটেল স্ব-মূল্যায়ন সঁজুলি আৰু এই ছেগমেণ্টত বিকাশ বৃদ্ধি কৰাৰ বাবে একচেটিয়া এমএছএমই অফাৰৰ পৰা অন্তৰ্দৃষ্টি প্ৰদান কৰিছে।

ভিআই বিজনেছে এমএছএমইসমূহৰ প্ৰাসংগিক প্ৰস্তাৱবোৰ বিকশিত কৰাৰ লগতে ডিজিটেল মূল্যাংকন সঁজুলি বৃদ্ধি কৰে আৰু উদীয়মান বা নতুন ব্যৱসায়ৰ প্ৰয়োজনীয়তাসমূহ সমাধান কৰে। এই বিষয়ে ভোডাফোন-আইডিয়াৰ চীফ এণ্টাৰপ্ৰাইজ বিজনেছ অফিচাৰ অৰবিন্দ নেভাটিয়াই কয় যে, “আজিৰ ডিজিটেল যুগত এমএছএমইৰ বাবে উৎপাদনশীলতা, গ্ৰাহকৰ প্ৰসাৰ আৰু সুৰক্ষা বৃদ্ধি কৰাৰ বাবে সমাধানৰ ব্যাপক পৰ্টফলিঅ’ প্ৰস্তুত কৰা হৈছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *