ভিআইয়ে আৰম্ভ কৰিছে ‘চইছ’ পদক্ষেপ, পোষ্টপেইড ব্যৱহাৰকাৰীৰ বাবে প্ৰদান কৰে এক্সক্লুছিভ লাইফষ্টাইলৰ লাভালাভ

ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে গ্ৰাহকসকলক শক্তিশালী কৰাৰ বাবে ‘চইছ’ নামৰ এটা উদ্যোগৰ প্ৰথম পদক্ষেপ আৰম্ভ কৰিছে। যাৰ ফলত পোষ্টপেইড গ্ৰাহকসকলে মনোৰঞ্জন, খাদ্য, ভ্ৰমণ আৰু মোবাইল সুৰক্ষাত একচেটিয়া জীৱনশৈলীৰ সুবিধাক বাছনি কৰিব পাৰে। এই পৃথকীকৃত প্ৰস্তাৱে পোষ্টপেইড গ্ৰাহকসকলক তেওঁলোকৰ বাবে আটাইতকৈ প্ৰাসংগিক সুবিধাসমূহ নিৰ্বাচিত কৰিবলৈ অনুমতি প্ৰদান কৰি সবল কৰি তোলে।

ভিআই ইণ্ডিভিজুৱেল(ব্যক্তিগত) আৰু ফেমিলী(পৰিয়াল) পোষ্টপেইড ব্যৱহাৰকাৰীসকলে চাৰিটা এক্সক্লুছিভ কেটেগৰীত প্ৰিমিয়াম অংশীদাৰৰ পৰা বাছনি কৰিব পাৰে: মনোৰঞ্জন, খাদ্য, ভ্ৰমণ আৰু মোবাইল সুৰক্ষা। এই সুবিধাবোৰৰ ভিতৰত আছে ইজিডিনাৰৰ ৬ মাহৰ চাবস্ক্ৰিপচন(সদস্যতা), ইজমাইট্ৰিপৰ ১ বছৰৰ সদস্যতা(চাবস্ক্ৰিপচন) আৰু মোবাইল ডিভাইচত বৰ্ধিত সুৰক্ষাৰ বাবে নৰ্টনএণ্টি-ভাইৰাছৰ ১ বছৰৰ চাবস্ক্ৰিপচন।

এই অফাৰবোৰ ব্যৱহাৰকাৰীয়ে নিৰ্বাচন কৰা প্লেনৰ ওপৰত নিৰ্ভৰ কৰে। ভিআই মেক্স পোষ্টপেইড প্লেনৰ বিষয়ে অধিক জানিবলৈ, https://www.myvi.in/vi-max-postpaid ত লগ অন কৰক এই প্ৰস্তাৱৰ বিষয়ে মন্তব্য কৰি ভিআিৰ চিএমঅ’ অৱনীশ খুচলাই কয় যে, “আমি অগ্ৰণী ‘চইছ” সুবিধা আগবঢ়োৱাৰ লগে লগে আমি এক পোষ্টপেইড প্লেনৰ সম্ভাৱনাক পুনৰ কল্পনা কৰিছোঁ। আমাৰ লক্ষ্য হৈছে আমাৰ গ্ৰাহকসকলক নিজৰ অনন্য পছন্দ অনুসৰি মোবাইল অভিজ্ঞতাক স্বায়ত্তশাসন প্ৰদান কৰি শক্তিশালী কৰি তোলা।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *