ভাৰতৰ প্ৰথমটো হিপ হপ ভিত্তিক নৃত্য ৰিয়েলিটি শ্ব’ – হিপ হপ ইণ্ডিয়া

আমাজন শ্বপিং এপ আৰু ফায়াৰ টিভিত এক্সক্লুছিভভাৱে প্ৰিমিয়াৰ হ’বলগীয়া আগন্তুক শ্ব’ হিপ হপ ইণ্ডিয়াৰ প্ৰ’ম’ মুকলি কৰিলে আমাজন মিনিটিভিয়ে। ভাৰতৰ প্ৰথমটো হিপ হপ ভিত্তিক নৃত্য ৰিয়েলিটি অনুষ্ঠান হিপ হপ ইণ্ডিয়া আমাজন মিনি টিভিত সম্প্ৰচাৰিত হ’ব, য’ত জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ ৰেমো ডিচুজা আৰু ডেন্সিং কুইন নুৰা ফাতেহীয়ে বিচাৰক হিচাপে থাকিব। এই অনুষ্ঠানটোক ভাৰতৰ সৰ্ববৃহৎ হিপ-হপ অনুষ্ঠান বুলি গণ্য কৰা হৈছে।

নৃত্য পৰিচালক ৰেমো ডিচুজা আৰু নুৰা ফাতেহীয়ে অভিনয় কৰা বিজ্ঞাপনটোত সাধাৰণ স্থানৰ পৰা হিপ হপ ইণ্ডিয়াৰ বিশাল মঞ্চলৈ ফাইনেলিষ্টসকলৰ যাত্ৰা দেখুওৱা হৈছে, যিয়ে তেওঁলোকৰ অপূৰ্ব দক্ষতা আৰু অবিস্মৰণীয় উত্তৰণৰ বিষয়ে আলোকপাত কৰিছে। শ্ব’টোৰ মূলমন্ত্ৰ ‘গলি চে গ্লোৰী টক’-এ দেশখনক #হিপহপফিভাৰ বিয়পাই দিয়াৰ লক্ষ্য ৰাখিছে। ২১ জুলাইৰ পৰা আমাজন মিনিটিভিত এক বিনামূলীয়া ষ্ট্ৰীমিং প্ৰ’গ্ৰাম গলি চে গ্লোৰী টক, আমাজনৰ শ্বপিং এপ আৰু ফায়াৰ টিভিৰ জৰিয়তে সম্প্ৰচাৰিত হ’ব। এই অনুষ্ঠানৰ বিষয়ে কৰিঅ’গ্ৰাফাৰ তথা বিচাৰক ৰেমো ডিচুজাই কয় যে, “আমি এই প্ৰতিভাশালী নৃত্যশিল্পীসকলক এক মঞ্চ প্ৰদান কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হৈছোঁ, কিয়নো এই মঞ্চখনৰ জৰিয়তে এইসকল শিল্পীক গ্লৰী বা বিজয়ীলৈ উত্তৰণ কৰিব। কেৱল আমাজন মিনিটিভিত এই নৃত্যৰ উন্মাদনা প্ৰদান কৰিবলৈ ২১ জুলাইলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ।”

এই নৃত্যানুষ্ঠানৰ বিষয়ে আমাজন মিনিটিভিৰ কণ্টেণ্টৰ মুৰব্বী আমোঘ দুছাদে কয় যে, “আমাৰ শ্ব’ হিপ হপ ইণ্ডিয়া আমি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান শিল্পীসকলক এখন প্ৰসিদ্ধ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *