ভাৰতীয় পুৰুষৰ পোছাক ব্ৰেণ্ড টাছভাই শিলিগুৰিত মুকলি কৰিলে প্ৰথমখন বিপণী

আদিত্য বিৰলা ফেশ্বন এণ্ড ৰিটেইল লিমিটেড আৰু ডিজাইনাৰ তৰুণ তাহিলিয়ানীৰ পৰম্পৰাগত পুৰুষৰ পোছাক ব্ৰেণ্ড টাছভা এতিয়া মুকলি হ’ল পশ্চিম বংগৰ চিলিগুৰিত। পুৰুষৰ বাবে পৰম্পৰাগত আৰু বিবাহৰ পোছাকৰ বিকল্পৰ বিশাল কালেকচন উপলব্ধ এই ষ্টোৰত। এই ষ্ট’ৰটোৱে তৰুণ তাহিলিয়ানীৰ ‘ইণ্ডিয়া মডাৰ্ন’ ডিজাইনৰ নীতি প্ৰতিফলিত কৰিছে। বিলাসী সামগ্ৰীৰ সংমিশ্ৰণেৰে ভাৰতীয় পোছাকৰ এক নতুন জগত সৃষ্টি কৰিছে ষ্ট’ৰটো।

টাছভাৰ ২৭১৯ বৰ্গফুট আয়তৰ ষ্ট’ৰটোত এটা গ্ৰেণ্ড মুখাবয়ব, দৃষ্টিনন্দন ইণ্টেৰিঅৰ আৰু দ্য পিয়েৰ্ল কালেকচনকে ধৰি অত্যাধুনিক আৰু ষ্টাইলিছ ভাৰতীয় পুৰুষৰ পোছাক উপলব্ধ। ইয়াত কুৰ্তা, বিন্দি, শ্বেৰৱানী, বন্ধগালা, অচকান, চুৰিদাৰ, আলিগড়ি আৰু অন্যান্য কাপোৰৰ সংগ্ৰহ আছে। যিবোৰ গভীৰভাৱে পৰ্যবেক্ষণ আৰু ডিজাইনৰ প্ৰতি মনোযোগ দি নিপুণভাৱে তৈয়াৰ কৰা হৈছে। আনুষংগিক সামগ্ৰীৰ ভিতৰত আছে পকেট স্কোৱাৰ, ছাফা, চাৰ্পেচ, ব্ৰুচ, বাটন, চেহৰা, ষ্ট’ল, চাদৰ আৰু জোতা। ইয়াৰ লগতে মিণ্ট গ্ৰীন, আইভৰী, ছালমন পিংক, হালধীয়াৰ পৰা গভীৰ নীলা ৰঙলৈ ছফটাৰ টন, ট্ৰপিকেল হিউ আৰু জুৱেল টোনৰ কালেকচন উপলব্ধ।  

এই সন্দৰ্ভত টাছভাৰ CEO সন্দীপ পালে কয় যে, “শিলিগুৰিত আমাৰ ষ্ট’ৰ মুকলি কৰিবলৈ আমি আমি উৎফুল্লিত হৈছোঁ। চহৰখনে বিভিন্ন উৎসৱ উদযাপন কৰে বুলি সৰ্বজনবিদিত আৰু ভাৰতীয় উদযাপনৰ পোছাকত এক নতুন দৃষ্টিভংগী আনিবলৈ পাই আমি আনন্দিত। অহা কেইমাহমানৰ ভিতৰত আমি সমগ্ৰ ভাৰততে অধিক ষ্ট’ৰ খুলি আমাৰ খুচুৰা বিপণীৰ উপস্থিতি বৃদ্ধি কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *