বৰপেটাত মহিলাসহ ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক, জব্দ ব্ৰাউন ছুগাৰ…

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীয়ে গৰেমাৰী গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকৰ সৈতে যৌথ অভিযান চলাই গৰেমাৰীত ড্ৰাগছসহ দুজনক আটক কৰিবলৈ সক্ষম হয়।

মাজদিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল বৰাৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে মণিৰুল খান নামৰ এজন যুৱকৰ লগতে আবু বক্কাৰ ছিদ্দিকৰ পত্নী আছমিনা খাতুন নামৰ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰে।

আৰক্ষীয়ে দুয়োৰে পৰা ৬টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ পাত্ৰ জব্দ কৰে।

উল্লেখ কৰিব পাৰি যে স্বামীৰ সৈতে আছমিনা খাতুনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল।

খবৰ অনুসৰি কিছুদিন ধৰি পলাতক হৈ আছে আবু বক্কাৰ ছিদ্দিক। ইফালে মাজদিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল বৰাই ধৃত বেপাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিবলৈ দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *