ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী

মাজুলীত খৰালিও অব্যাহত আছে ভয়াবহ খহনীয়া। ভকত চাপৰি,কমলাবাৰী ঘাট, চুমৈমাৰী, শালমৰা, কামজান এলেঙীত বিঘাই বিঘাই ভূমি দিনৌ বিলীন হৈছে লুইতত। কুম্ভকৰ্ণ নিদ্ৰাত মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ড, কানসাৰ নাই জিলা প্ৰশাসনৰ। আগন্তুক উপ-নিৰ্বাচন বৰ্জন, ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ আদি কঠোৰ সিদ্ধান্ত লৈছে মাজুলী ভকত চাপৰি ১৭ খন গাঁৱৰ গঞাই।

যোৱা ৯ ফেব্ৰুৱাৰীত অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ ভোট বৰ্জনৰ লগতে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে। ১৫০০ ভোটাৰ আছে অঞ্চলটোত। অসম চৰকাৰ, জিলা প্ৰশাসন, কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বিপৰীতে ব’ৰ্ড আৰু টি কে কোম্পানীয়ে ২৩৭ কোটি টকা লুতি আছে। বাৰিষা আহিলেই ব’ৰ্ডে ভৰা লুইতত জিঅ’ বেগ পেলাই কোটি টকা শৰাধ কৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ড আতৰোৱাৰ লগতে টি কে কোম্পানীক ব্লেক লিষ্টেড কৰিবলৈ দাবী জনাই আহিছে নৈ পৰীয়া গঞাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *